পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়

⸺:০:⸺

অসমীয়াৰ বিহু কি?

 পাঠক! এইখিনিতে আমি “অসমীয়াৰ বিহু কি” এই বিষয়ে অলপ কবলৈ ওলালোঁ। আপোনাসকলে হয়তো কব “এ আমি অসমীয়া যেতিয়াই বিহু কি বস্তু তাকতো জানোঁৱেই, মিছাই এই সোপা পঢ়াৰ আৱশ্যক কি?” আমি কওঁ-হে পাঠক পাঠিকাসকল! আপোনালোকৰ আৱশ্যক নহলেও আমাৰ এফেৰা আৱশ্যক আছে। সেই দেখি লিখিলোঁ। যদি ধৈৰ্য্য ধৰিব নোৱাৰে তেন্তে এই হালিচা (আধ্যা) উপন্যাস নপঢ়িবই, তাত আমাৰ হানি নাই; আৰু বোধ কৰো আপোনাসকলৰৰ একো দইন নপৰে। অৱশ্যে যি সকলে পঢ়ে সেইসকলৰ এফেৰা লাভেই হব।

 ‘বিহু’ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ – বাপতি-সাহন। বিহু বুলিলেই সকলো অসমীয়াৰ মনত যেনেকুৱা আনন্দ হয় আৰু ডেকা গাভৰু বিলাকব মন উত্ৰাৱল হয়, তেনেকুৱা আনন্দ আৰু উলাহ আন কোনো উৎসৱতেই নহয়। দুৰ্গোৎসৱ আজি অলপ দিনৰ পৰাহে আমাৰ নগৰে নগৰে সোমাইছে। গাঁৱে-ভূয়ে এতিয়াও ভালকৈ সোমাৱা নাই। ইয়াৰ কাৰণ দুৰ্গোৎসৱ অসমীয়াৰ আগৰেপৰা চলি অহা উৎসৱ নহয়; কিন্তু বিহুৰ উৎসৱ হলে অসমীয়াৰ নিজা সম্পত্তি-ই অসমীয়াৰ হাড়ে মগজুৱে লগা বস্তু।