পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নাও মেলি দিলে। তেওঁৰ তোলত পদুমী, পদুমীৰ মাক আৰু কেতখিনি লিগিৰা-লিকচৌ ৰল। নাৱত সকলোটিকে নধৰিলে। পদুমীয়ে কচিনাথ গোহাঁইদেৱৰপৰা খবৰ পাইছিল যে তেওঁৰ পিতৃ তোলন কাকতী আৰু তেওঁৰ দুয়োটা ভায়েক ৰণত পৰিছিল। এই বাতৰি পাবৰেপৰা পদুমীৰ মাক মুৰ্চ্ছিত হৈ পৰিছিল; পদুমীয়ে নিজে কান্দি-কাটিও মাকৰ সেৱা-শুশ্ৰূষাত ৰৈছিল। পদুমীৰ মাকৰ আৰু সেই মূৰ্ছা নেভাগিল। মানে আহি পিছদিনা নগৰ আক্ৰমণ কৰাৰ অলপ আগতে আৰু ৰুচিনাথ গোহাঁইদেউ নিৰাপদে সপৰিবাৰে পলাই যোৱাৰ পিছত পদুমীৰ মাকে নাৰীতনু সামৰিছিল।

 ইফালে শয্যাত পৰিবৰেপৰা মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নৰীয়া শকত হবলৈ ধৰিলে। দাড়ক দাড়ে তেওঁৰ বেমাৰৰ গঢ় বদলিবলৈ ধৰিলে। ওৰে নিশা তেওঁৰ ছাটি-ফুটি আৰু সনে ঘনে মূৰ্ছা গৈছিল। পিছদিনা মানে আহি তেওঁৰ হাউলি ঘেৰাও কৰাৰ প্ৰায় এপৰৰ আগতে তেওঁৰ সুন্দৰ জ্ঞান আহিলত তেওঁ ৰজা, ৰাজমাও, ৰহদৈ লিগিৰী সকলোটিকে মতাই আনি কলে :--“ৰাজমাও দেউতা। স্বৰ্গদেৱ। মই ইহ জনমলৈ বিদায় ললোঁ। স্বৰ্গদেৱে নেজানে, স্বৰ্গদেৱ তেতিয়া সৰু মই বুঢ়াগোহাঁয়ে মোৰ ৰজাৰ হকে ৰাইজৰ হকে মোৱাৰীয়াৰ বিদ্ৰোহৰ দিনৰেপৰা হাড়ভঙ্গা পৰিশ্ৰম কৰি ৰাইজ আৰু ৰজাক ৰক্ষা কৰিছিলো। স্বৰ্গদেৱে সেই ভূতৰ পুতেকৰ লগ নলগা হলে আজি মোৰ আৰু মোৰ মৰমৰ জনমভূমি অসম দেশৰ এই দুৰ্গতি নহলহেঁতেন। মই দিব্য চকুৰে দেখিছো এই মানে অসম ধংস কৰিব।” এই বুলি কৈ বুঢ়াগোহাঁইদেৱে অলপ তম্ভিলে। ৰাজমাৱ নিজহাতে চামুচত কৰি জিভাৰ আগত, অলপ পানী দিলে, সেই পানী ঢোক গিলি বুঢ়াগোহাঁয়ে আকৌ সেহাই সেহাই কলে:-