পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ধৰিছে। সৰামে হুবহু পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ খোজে-কাটলে ৰজাৰ আগত ওলাইছে। ৰজাই সুধিলে – “সতাই, আজি তুমি আমাৰ আগত আনৰ বেশ ধৰিছানে কি?”

 সৎৰাম- “হয় স্বৰ্গদেৱ ঈশ্বৰ! আজি স্বৰ্গদেৱ ঈশ্বৰে বন্দীক বুঢ়াগোহাঁই বুলি মাতে যেন।

 ৰজা- “(খিলখিলকৈ হাঁহি)—বাৰু! পিছত ডাঙৰীয়া। অজিনো কি সকামে ইয়ালৈ অহা হৈছিল? ৰাজ্যৰ বাতৰি নো কি?

 সৎৰাম- “(সাইলাখ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাতেৰে) স্বৰ্গদেৱ। ৰাজ্যত এক প্ৰকাৰ সকলো ভাল। কিন্তু দিনক দিনে এই ৰাজ-কাৰ্য্য চলোৱাটোহে টান পাইছোঁ। দিনক দিনে মোৰ বয়স হবলৈ ধৰিছে; তথাপি স্বৰ্গদেৱৰ হিতৰ অৰ্থেহে এই বোজাটো বব লগাত পৰিছোঁ।”

 ৰজা– “কিয়! বোজাটো নমাই থৈ অলপ জিৰণি ললেই হয় দেখোন।”

 সৎৰাম –“(বুঢ়াগোহাঁইৰ মাতেৰে)" স্বৰ্গদেৱ! ভাৰখন নললে ৰাজ্য চলে কেনেকৈ?

 ৰজা— “তেনেহলে আনকো এই ভাৰৰ অলপ অংশ দি বোজাটো পাতলাই ললেই হয় দেখোন।”

 সৎৰাম- (এইবাৰ নিজ মাতেৰে) ভাল হৈছে স্বৰ্গদেৱ। স্বৰ্গদেৱে নেজানেনে জলকীয়াৰ জলায়ে সোৱাদ! সৎৰামৰ এই কথা ৰজাকে মুখ্য কৰি সকলোটিয়ে হাঁহিবলৈ ধৰিলে।

 হাঁহি পাতলালৈ ৰজাই ওচৰতে সি খোটালীত থকা লিগিৰীহঁতক অমৃত আনিবলৈ মাত দিলে। তিনিজনী লিগিৰীয়ে ৰজাৰ নিমিত্তে সোণৰ বাটিত, ই তিনজনৰ নিমিত্তে ৰূপৰ বাটিত আনি