পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অধ্যায়

⸺:০:⸺

ৰঙ্গিলীৰ বিহু-নিমন্ত্ৰণ

 আজি মাঘৰ প্ৰথম বিহু। ৰাতি পুৱাই ডেকাবিলাকে গা-পা ধুই মেজি পুৰি উঠি জলপান খাই দুপৰীয়া ঘৰে ঘৰে আছে। কেৱে কেৱে বা কঁড়ি খেলিছে। পথাৰলৈ বিহু গাবলৈ এতিয়াও নৌ যায়। এনেতে আমাৰ ৰঙ্গিলী আইটিয়ে দুপৰীয়া খাই বৈ উঠি সৎৰামহঁতৰ ঘৰলৈ আহি সখীয়েক কেতেকী আৰু সৎৰামক কলে— হেৰা ভনীটি! হেৰা সতাই কাই! আজি ভাটীবেলীয়া আমাৰ ঘৰত জলপান খাবিহি।

 সৎৰাম — ওঁহো আমি আজি তহঁতৰ ঘৰত খাবলৈ নাযাওঁ অ’ তহঁত দুয়ো ভায়েৰ ভনীয়েৰে আমাৰ ঘৰত খাই যাবিহি। কাইলৈ তহঁতৰ ঘৰতগৈ আমি খাম।

 ৰঙ্গিলী — সেইটো হব নোৱাৰে সতাই কাই! তহঁতে আজি আগেয়ে আমাৰ ঘৰত খাবহি লাগিব। তেহে কাইলৈ আমি তহঁতৰ ঘৰত খামহি।

 সৎৰাম — নহয়। তহঁতে আজি খাবহি লাগিব তেহে আমি গৈ কাইলৈ খাম। তহঁত যদি আজি নাহ, তেন্তে আমিও কাইলৈ নাযাওঁ, পৰহি মানলৈহে যাম।

 ৰঙ্গিলী — এ সতাই কা! কেলেই এনেকৈ কৱ? আমিতো তহঁতৰদৰে ধনী নহওঁ। আমি দুখীয়া মানুহ। দুই তিনদিনলৈ সাঁচি ৰাখি খুৱাবলৈ কৰপৰা চিৰা পিঠা পাম? সেইদেখি আজিয়েই আহ।