পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 এই নাহৰৰ পাত ঘৰৰ চালত খুঁহি ৰাখে। গধূলি হলে গৰু বিলাকক আগৰেপৰা যতনাই থোৱা নতুন পঘাৰে বান্ধে। গোহালিৰ আগত তুঁহ, কপাহগুটি, দীগ্‌লতি, মাখিলতী ইত্যাদিৰে এটা ধোৱাৰ জাগনি দিয়ে। সেই জাগনি নতুন বিচনীৰে বিছে। জাগনি বিছিলেহে হেনো নতুন বিছনি শুদ্ধ হয়। শুদ্ধ হলেহে সেই বিচনীৰ বা মানুহে লয়। দ্বিতীয় বিহুৰ দিনা গধূলি হুচৰি গোৱা দলবিলাকে ঘৰে ঘৰে হুচৰি গাই ফুৰে। ডেকা গাভৰুৱে এই সাত দিনে পথাৰত, নৈৰ বালিত, ঝোপৰ আৰত, বিহু গাই নাচি বাগি ফুৰে। সাতবিহুৰ দিনা ওপৰ অসমত বিহুৰ নাচ-গীত কৰি গধূলি বিহু ভাঙ্গে।

 আমি যিবিলাক বিৱৰণ দিলো এইবিলাক আজি কালিৰ দিনৰহে। কিন্তু এশ বছৰৰ আগেয়ে বিহুৰ উৎসৱ আৰু নৃত্য গীত গোটেই অসম জুৰি আছিল। এই বিহুৰ নৃত্য গীততেই ডেকা গাভৰুৰ প্ৰণয় উদ্ভব হৈছিল; আৰু এই প্ৰণয়তেই যি ডেকাই যি জনী গাভৰুক ভাল পায় সেই জনীক নি নিজৰ জীৱনৰ লগৰী কৰিছিল। এই নৃত্য গীত আৰু প্ৰণয়ত পাশবিকতাৰ ভাব হলে নাছিল বুলি আমি ডাঠি কব পাৰোঁ। সেই সময়ত বিহুৰ নৃত্য গীতত একো অশ্লীলতা নাছিল। গীত গাব আৰু নাচিব জনাটো এটা গুণৰ ভিতৰতহে গণ্য হৈছিল। বিবাহ, ডেকা গাভৰুৰ মনোমিলনৰ পিছতহে সম্পন্ন হৈছিল। এই বিলাক কাৰণেও সেই সময়ৰ মানুহ সুস্থ, আৰু দীৰ্ঘজীৱী আছিল। কিন্তু আজি-কালি বিহুত হেনো অশ্লীলতা সোমাল। ভাটীৰ ফালে যে বিহুৰ নৃত্য গত নোহাৱা হলেই উজনি অসমতো কমিল। আন কি স্বভাৱৰ অজলা মিৰিহঁতেও হেনো বিহুৰ নৃত্যগীত বেয়া ভাবি এৰিবলৈ কাৰবাৰ লগাইছে। এইবিলাক শুভ নে অশুভ লক্ষণ