পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 সৎৰাম—ৰঙ্গিলি! তই আৰু ঠাট্টা কৰিবলৈ নেৰ! আছে যদি তামোল এখনকে দে।

 ৰঙ্গিলী— “হৎঁ নে এইখন। এতিয়া পাই যাওঁ গৈ দেই!

 সৎৰাম— নহয় ৰঙ্গিলি, অলপ পৰ ৰবি। আৰু এটা কথা সোধো।

 ৰঙ্গিলী— বাৰু কি কথা সোধ সোধ। মোৰ যাবলৈ পলম হৈছে। আনবিলাক গলেই।

 সৎৰাম— ৰঙ্গিলি! তই মোক ৰজাৰ লগ হোৱাত বেয়া পাইছনে কি?

 ৰঙ্গিলী— এ পাই! আমাৰ নিচিনা দুখীয়া নিছলাৰ বেয়া পোৱা বা ভালপোৱাৰ পৰানো কি লাভ লোকচান আছে?

 সৎৰাম— যা-অ’ ৰঙ্গিলি! তই আৰু পেংলাই কৰিবলৈহে ধৰিলি। সঁচাকৈ কচোন তই বেয়া পাইছনে ভাল পাইছ?

 ৰঙ্গিলী— সঁচাকৈ কবলৈ হলে পাই! বেয়াও পোৱা নাই ভালো পোৱা নাই। ৰজা-ৰাজোৱালৰ লগৰীয়া হলে যেনে সম্পদ তেনে বিপদো আছে। যি কি নহওক মই পাই, এইটো ডাঠি কব পাৰো যে তই অলপতে এখন ডাঙৰ বিষয় পাবি। তেতিয়া আৰু তোক কোনে পাব। তেতিয়াতো তই আৰু আমাৰ নিচিনা দুখীয়া আৰু সৰু মানুহৰ লগত বিহু নাচিবলৈকো আহিব নোৱাৰিবি। তেতিয়া আৰু পাই। তোৰ ওচৰকে চাপিব নোৱাৰিম। কেনেবাকৈ ওচৰ চাপিব পাৰিলেও তোক তেতিয়া “আপুনি” “দেউতা” এনেকৈহে মাতিব লাগিব।

 সৎৰাম— (মিচিকিয়াই হাঁহি) ৰঙ্গিলি, তোক আৰু কথাৰে বলে নোৱাৰোঁ।

 ৰঙ্গিলী— বলে নোৱাৰিবি তো। মোৰ নামেই হৈছে ৰঙ্গিলী।