পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
বুৰঞ্জী

যে শস্য-শ্যামলা দেশে, স্নায়ু দুৰ্বলকাৰক হাৱা পানীয়ে আহোম সকলক পাঁচ শতাব্দিৰ ভিতৰত এনেয়ে দুৰ্বল কৰি তুলিছিল। যি কি কাৰণেই হওক বা যে দুৰ্বল হৈছিল তাত কোনো ভুল নাই। ৰজাৰ লগে লগে তেওঁৰ বিষয়াবিলাকো দুৰ্বল হৈছিল। কিন্তু তাৰে মাজত দুই এজন বিষয়া প্ৰতাপী হৈও উঠিছিল। যি জন প্ৰতাপী হৈ উঠিছিল সেইজনে অৱশ্যে নিজেও সময়ে সময়ে স্বাৰ্থপৰ হৈ অন্যায় কাম কৰিছিল, আৰু সেইজনক আনসকলে হিংসাও কৰিছিল। এইবিলাক কাৰণতে দেশত অশান্তি আৰু অনিষ্টৰ সূত্ৰপাত হৈছিল। ৺কমলেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনৰেপৰা আহোম ডাঙৰীয়াসকলৰ ভিতৰত মহামতি ৺পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই প্ৰবল প্ৰতাপী হৈ উঠিছিল। তেওঁৰ লৰা সাতোটা। তেওঁ প্ৰবল তীক্ষ্ণ বুদ্ধিৰ আছিল। কি বিদ্যাত, কি বুদ্ধিত, কি বলত তেওঁৰ সমকক্ষ কেও নাছিল। ৺কমলেশ্বৰ সিংহ স্বৰ্গদেৱ স্বৰ্গী হলত এই পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়ায়ে পিতৃহীন ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক ৰজা পাতে। বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁই ই দুজন ডাঙৰীয়াকো তেওঁ মনোনীত কৰি পাতে। এনে হলত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে কি কাৰণত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াক ভাল নাপাইছিল আৰু অনেক সময়তে তেওঁৰ বিপক্ষে চলিছিল, ইয়াৰ কথা বুৰঞ্জীত একো নাই। বুৰঞ্জীয়ে মাথোন ইয়াকে কয় যে ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেও বৰ ক্ষীণ মনৰ আছিল। তাতে সৎৰামে লগাই লগাই তেওঁক পূৰ্ণানন্দ বুঢ়াগোইৰ সম্পূৰ্ণ বিপক্ষ কৰি তুলিছিল।

 ৺ৰুদ্ৰসিংহব জ্যেষ্ঠপুত্ৰ ৺শিৱসিংহ ৰজাৰ পিছৰেপৰা আহোম সিংহাসনত ৰজাৰ পুতেক ৰজা নহৈ ৰজাৰ ভাই, দূৰসম্পৰ্কীসকলৰো কেৱে কেৱে ৰজা হৈছিল। কি কাৰণত ৰুদ্ৰসিংহ