এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উচৰ্গা
সুন্দৰ গছত ফুলিছিলা তুমি
ধুনীয়া গোলাপ ফুল,
ৰূপে জক্মক্ গোন্ধে বিতোপন
অমিয়াৰ নাইকে তুল।
সেই অমিয়াত, যৌৱন কালত
পাইছিলোঁ মহা সুখ,
ভাবিছিলোঁ মই, সংসাৰ সুখৰ
নাই ইঠাইত দুখ।
কিন্তু হাঁয় হাঁয় নিঠুৰ বিধিয়ে
বুকে মোৰ শেল মাৰি,
নিলে অকালতে সুন্দৰ ফুলটি
মহা দুঃখী মোক কৰি।
প্ৰয়াণ কালৰ সেই যে কথাটি
এতিয়াও মনত আছে,
কইছিলোঁ “ভাই যোৱাগৈ তালৈ
য’তে মোৰ কৃষ্ণ আছে।
কৰ্ম্ম শেষ হলে মইও আহিম
কবা তুমি কৃষ্ণক গৈ,
যেন দয়া ৰাখে জীৱনে মৰণে
দুৰ্ভগীয়া ই দাসলৈ।”