পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চত্বাবিংশৎ অধ্যায়
⸻:০:⸻
বদন বৰফুকন

 মহেশ্বৰ পৰ্ব্বতীয়া ফুকন নাৱেৰে ভটিয়াই গৈ পোৱাৰ আগেয়ে সৎৰাম আৰু তাৰ তিনদিনৰ পিছত শান্তিৰামে গৈ বদনৰ লগ ধৰিলে। সৎৰামে বৰফুকনক জীয়েকৰ চিঠিখন দিলে। চিঠি লিখা আছিল:-

 পৰম পূজনীয় শ্ৰীলশ্ৰীযুক্ত দেউতা ঈশ্বৰৰ

     শ্ৰীশ্ৰীচৰণ কমলেষু:-

 “আমাৰ উজনিত বৰ হুলস্থুল লাগিছে, শহুৰ দেউতাই ই দুজনা ডাঙৰীয়াৰ সৈতে গোট-পিত খাই সৎৰাম চাৰিঙ্গীয়া ফুকনক ৰজাৰ গাৰ ওচৰৰেপৰা বল কৰি উনাই আজোৰাই আনি; তেওঁৰ চুলি কাটি মুৰত ঘোল ঢলাই, গা চুণেৰে ছাটি নগা পাহাড়লৈ খেদিলে। স্বৰ্গদেৱৰ কাবৌ-কোকালিতহে প্ৰাণে নামাৰিলে। এই মেলতে চাৰিঙ্গীয়া বৰুৱা আৰু আন আনো ধৰা পৰিছে। আপোনাৰো নাম বিদ্ৰোহীৰ শাৰীত পৰিছে। আপোনাক ধৰাই আনিবলৈ মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক পঠিয়াইছে। আপনি নিজক ৰক্ষা কৰক। আই দেউতাৰ শ্ৰশ্ৰীচৰণত মোৰ দণ্ডবৎ জনাব। নমৰি জীয়াই আছোঁ।

        আপোনাৰ হতভাগিনী

          পিজৌ-”