পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হবৰেপৰা প্ৰায় নিতৌ ঠিক এনেকুৱা সময়ত দিখৌত বৰশী বাইছিল; আৰু তাৰ লগে লগে মাটিৰ আঠো আঙ্গুলিলৈকে জ্বলা ৰূপহী পদুমীৰ ৰূপ-মাধুৰী পান আৰু লাৱণ্য ধ্যান কৰিছিল। কিন্তু কোনো দিনেই আজিলৈকে পদুমীক অকলে নৈৰ ঘাটলৈ অহা নাপাইছিল। বৰশী বাওঁতে শান্তিৰামক গাঁৱৰ জীয়াৰী বোৱাৰীয়ে সদায় দেখিছিল আৰু তেওঁৰ প্ৰতি মাহীয়েকৰ ব্যৱহাৰৰ বিষয়ে কোৱা-কুইও কৰিছিল। তেওঁ প্ৰায় সকলোকে চিনিছিল আৰু তেওঁকো লৰা ছোৱালী-জীয়াৰী ডেকা গাভৰু সকলোৱে জানিছিল। মাজে সময়ে তেওঁ কাৰো কাৰো সৈতে কথা-বতৰাও হৈছিল; কিন্তু পদুমীৰ লগত হলে কোনো দিনেই তেওঁ কোনো কথা-বতৰা পাতিবৰ সুবিধা পোৱা নাছিল। ইয়াৰ কাৰণ তেওঁৰ নিজৰে লাজকুৰীয়া স্বভাৱ আৰু পদুমীৰ গহীন স্বভাৱ। হঠাতে পদুমীৰ লগত কথা কবলৈ চুপ-চুপতি কৰিবলৈ শান্তিৰামৰ সাহ নহৈছিল। গাঁৱব ৰাংঢালী দুই চাৰিজনী মাইকীয়ে শান্তিৰাক আমাৰ “বৰশী বোৱা কানাই” নামো দিছিল।

 আজি নো কি ভাগ্যৰ গুণত পদুমী ঘাটলৈ অকলৈ আহিল! শান্তিৰামে অৱশ্যে সদায় ৰূপহী পদুমলৈ সতৃষ্ণ নয়নে চাইছিল। পদুমীয়েও আন আন মাইকীৰ মুখে শুনিছিল যে শান্তিৰামৰ মাহীয়েকে শান্তিৰামক কষ্ট দিছিল। কিন্তু এই কথা শুনি পদুমীৰ শান্তিৰামলৈ কোনো সহানুভূতি ভাব হৈছিল নে নাই আমি থিৰাং কৰি সদ্যহতে কব নোকাৰিছো। কিন্তু মনোবিজ্ঞানে কয় যে এজন সজিব ওলোৱা ভাবব ঢৌৱে আন এজনৰ মগজুত বিশেষ যাৰ বিষয়ে ভবা যায় সেইজনৰ মগজুত হেনো অলপ অচৰপ ক্ৰিয়া কৰে। যদি এই কথা সঁচা হয়, তেনেহলে শান্তিৰামে যদি পদুমীৰ বিষয়ে কিবা ভাবিছিল, তেনেহলে সেই ভাবৰ ঢৌৱে পদুমীকো শান্তিৰামৰ বিষয়ে অলপ