পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কাৰণে ৰজাই ৰাজপাট এৰি পলাবলৈ সন্মত নহল। তেওঁ কলে যে তেওঁৰ যদি জীউটোও যায় তথাপি ৰাজপাট এৰি তেওঁ নপলায়। বুঢ়াগোহাঁই সপৰিবাৰে পলাব পাৰে। ৰজাৰ এই কথাত ৰাজমাৱে বেজাৰ পাই খঙ কৰি কলে:-“গোহাঁইদেৱে মোৰ পৰামৰ্শ এই দৰে দলিয়াই পেলাব নালাগিছিল। মই স্ত্ৰীমতি হলেও ৰজাৰহে মাক, ৰজাৰহে বিধৱা। গোহাঁইদেৱে যদি মৰিবলৈ ভয় নকৰে তেন্তে তেৱো একো ভয় নকৰে; কিন্তু বুঢ়াগোহাঁইদেৱে তেওঁৰ পুত্ৰ পৰিয়ালে সৈতে পলোৱা উচিত; নপলালে তেওঁৰ ৰক্ষা নাই।” বুঢ়াগোহাঁয়ে কলে:- “ৰাজমাও দেউতাই যি কৈছে সেইটো সঁচা মোৰ লৰতিৰোতা সকলোটিকে লৈ ৰুচিনাথ গোহাঁইদেউ নাৱেৰে পলাওক। মোৰ বংশ ৰক্ষা হব লাগে। কিন্তু মোৰ শৰীৰ কাতৰ। মোৰ উঠিব লৰিব পৰা শক্তি নোহোৱা হল। মই ৰজা আৰু ৰাইজৰ সেৱাতে এই শৰীৰ ক্ষয় কৰিলোঁ। মোৱামৰীয়া বিদ্ৰোহৰ দিনৰেপৰা মই জিৰণি নাপালো। এতিয়া মোৰ পলাবৰ ইচ্ছা নাই। মোৰ ইচ্ছা যে ময়ো এই কাৰেঙৰ তলাতল ঘৰৰ ভিতৰতে থাকো। মান আহি পালে মোৰ মৃত্যু হৈছে বুলি কব।” এইদবে কৈ বুঢ়াগোহাঁই ডাঙৰীয়াই কলে :--“ৰাজমাও দেউতা! মোলৈ এই কাৰেঙৰ ভিতৰতে শয্যা এখন পতোৱাওক। মই সৰহ বেলি বহি থাকিব নোৱাৰা হৈছো। মোৰ মূৰটো ঘূৰাইছে।” বুঢ়াগোহাঁইৰ এই কথাত ৰাজমাৱে নিজৰ খোটালিৰ ওচৰৰ খোটালিটোতে লিগিৰীহঁতৰ হতুৱাই শয্যা এখন পতাই গোহাঁইক ধৰাপৰিকৈ নি শুৱালে। বৰগোহাঁই, বৰপাত্ৰগোহাঁই উভয়ে নিজ নিজ ঘৰলৈ গল। ৰুচিনাথ গোহাঁইদেৱে নিজৰ হাউলিলৈ গৈ সকলোকে মান অহা বাতৰি শুনাই লৰালৰিকৈ নাও দুখান আনি তাত বয়-বস্তু যি অলপ পালে তাকে লৈ সপৰিবাৰে দিখৌয়েদি নিশাই