পানী অনা বাটেৰে পানী নিয়া বাটেৰে
নিবি ঐ যে সোণাই ঐ পানী, নিয়া বাটেৰে নিবি।
তাতো যে মোৰ কাঁইট ঐ তাতো যে মোৰ জেং ঐ
তাতো যে মোৰ থইছে কাঁইট।
নাৱেৰে যে ভটীয়াই নিবি ঐ যে লাহৰি
ভটীয়াই যে নাৱেৰে নিম;
অচিনাকি দেশত ঐ অচিনাকি বেশত ঐ
সুখেৰে যে কটামে কাল।
শান্তিৰাম — ‘সখি! তোমাৰো আৰু ভাল বুধি দিয়া। তৎক্ষণাৎ বিহুৰ গীত এটা জুৰি পেলালা। যি কি নহওক সখি। তোমাৰ দিহা পৰামৰ্শ মতেই চলিম। এতিয়া উঠিবহে খোজো।”
সৎৰাম — “সখি! আজি গধূলি ৰজাঘৰলৈ যাব৷ নে? কালি স্বৰ্গদেৱে তোমাৰ বিচাৰ লৈছিল। স্বৰ্গদেৱে পচি খেলিব খুজিছিল। পিছত তুমি নথকাত চাৰিজন নহল দেখি খেলা নহল। আজি আহিবলৈ হেলা নকৰিবা।
শান্তিৰাম — “নিশ্চয় যাম সখি! এতিয়া উঠো হে।”
সৎৰাম — “ৰবা সখি! আৰু এটুপি অমৃত লৈ যোৱা।”
শান্তিৰাম — “সখি! সৰহকৈ খালে কেনেবাকৈ বলীয়া হৈ ঢলং-পলং কৰিব পাৰোঁ। বাটত ঢলং-পলং কৰি গলে দেউতাই বুজি পাব। দেউতাই মই মদ খোৱা বুলি বুজি পালে বৰ বেজাৰ পাব। জানায়েতো সখি! মোৰ দেউতা গুৰুঘৰৰ মেধি। মেধিৰ লৰাক মদত মুখ দিয়া শুনিলে আৰু কি থব।”
সৎৰাম — “ৰবা সখি! ৰজাঘৰত স্বৰ্গদেৱৰ লগত চাৰি-পাঁচ বাটিলৈকে লব পাৰা এতিয়া আমি নিছলাৰ ঘৰত হলে দুটি পিলেই