পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নহয় অলপ ভবাইছিল। যি কি নহওক এই বিষয়ে আমি লাহে লাহে পিছতহে সঠিককৈ জানিব পাৰিম।

 পদুমীয়ে গৰাৰপৰা নামি আগে-পাছে, সোঁৱে-বাঁৱে কোনো ফাললৈ চাই পানীৰ জিয়লিলৈ নামি গৈ পোন প্ৰথমে হাতে মুখে একো চল পানী লৈ কলহটো অলপ ঘঁহি মাজি পানী ভৰাই গৰাৰ উপৰলৈ উঠি আহিব ধৰিলে। কিন্তু গৰাৰ ওপৰলৈ উঠি আহিবলৈ ধৰোতে ভৰি অলপ পিছলিল। কাষৰপৰা কলহটো লৈ দুয়োহাতে ধৰি ওপৰলৈ তুলিব খোজেহে খোজে, দেখোন নোৱাৰে। কাৰণটো কি? বৰশী বোৱা কানাইয়ে মন্ত্ৰ কৰি স্তম্ভন কৰিলেনে কি? নে চকুৰে নজৰ-বাণকে মাৰিলে! পাঠক! একো কব নোৱাৰোঁ। মানুহে কয় বোলো অসমত মন্ত্ৰৰ বৰ বল। অসমীয়া মানুহে আগেয়ে হেনো মৰণ, উচাটন, স্তম্ভন, বশীকৰণ, সন্মোহন ইত্যাদি বিষয় জানিছিল। হব পাৰে এই কথা। নহবও পাৰে। যি কি নহওক আজি আমাৰ পদুমী আইদেউ উপায়হীন সহায়হীন। তেওঁৰ এই বিপত্তি দেখি আমাৰ কানাইয়ে যৰে বৰশী ত’তে এৰি লৰি আহি কলে—“পদুমি! মোক কলহটো দিয়া। তুমি ওপৰলৈ উঠি যোৱা। মই কলহটো তুলি দিওঁ।” পদুমীয়ে কথাষাৰৰ একোকে উত্তৰ নিদি শান্তিৰামক কলহটো এৰি দি গৰাৰ ওপৰলৈ উঠিল। শান্তিৰামে কলহটো উলাই মাৰি গৰাৰ ওপৰলৈ তুলি ততাতৈয়াকৈ কলে- “পদুমি! খং নকৰা যদি কথা এষাৰ কওঁ। ওচৰত কোনো নাই। কম নে?” পদুমী—“কোৱা।” শান্তিৰাম—“তেন্তে মই কওঁ শুনা, খং নকৰিবা তুমি। মই তোমাক ভাল পাওঁ। মোৰ জীউটোতকৈও ভাল পাওঁ। তুমি মোক ভাল পোৱানে?” শান্তিৰামৰ এই কথাষাৰত পদুমীয়ে কোনো উত্তৰ নিদি, মুখতো ৰং বা খঙ, কোনো ভাবকে