পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 যাৰে পাপৰপৰা তল যাওক আমি এইটো জানোঁ যে জাতিৰ বা কোনো এটা পৰিয়ালৰ উঠিবৰ সময়ত অৰ্থাৎ উন্নতিমুখী অৱস্থাত সেই জাতিৰ মানুহবিলাক সুস্থ, বলিষ্ঠ আৰু কৰ্ম্মিষ্ঠ হয় আৰু তাৰ লগে লগে পৰস্পৰে সুন্দৰ মিলাপ্ৰীতিৰে সকলো কাম চলায়। পৰিবৰ সময়ত সেই জাতিৰ মানুহবিলাক, দুৰ্বলী, নিষ্কৰ্মা আৰু তাৰ লগে লগে পৰস্পৰ ঈৰ্ষা, দ্বেষ, অসূয়া ইত্যাদি অসদ গুণবিলাকেৰে ভৰপূৰ হৈ বাদ-বিবাদ কৰি হিংসাহিংসি মৰা-কটা গাই নিজৰো সৰ্ব্বনাশ আৰু দেশৰো অমঙ্গল কৰে। প্ৰবল পৰাক্ৰমী চুকাফাৰ দিনৰে পৰা গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ আগলৈকে আহোম ৰজাসকল বলী, সাহীয়ান আৰু সুকৰ্ম্মা আছিল। পাত্ৰ, মিত্ৰ, মন্ত্ৰী সকলো সেইদৰে সজ আৰু দেশহিতৈষী আছিল। গৌৰীনাথ সিংহ ৰজাৰ দিনৰেপৰা আহোম ৰজাসকল বিলাসী, দুৰ্ব্বল আৰু ক্ষীণ মনৰ হৈ উঠিছিল। আমাৰ আহোম ভাতৃসকলে কয় যে ৰজাই হিন্দুধৰ্ম্ম লোৱাৰ পৰাহে এই অৱনতি হৈছিল। কথাটো আংশিকৰূপে সঁচা। যদি শিৱসিংহ ৰজাৰ ৰাণী ফুলমতী কুৱঁৰীয়ে অতীব ধৰ্মপৰায়ণা হৈ (fanatically devoted ) মোৱামৰীয়া মহন্তক বলেৰে দেৱী সেৱা কৰাই বলি দিয়া ছাগলিৰ আৰু ম'হৰ তেজেৰে ফোট নিদিয়ালেহেতেন তেনেহলে মোৱামৰীয়া বিদ্ৰোহ হৈ দেশ ছাৰখাৰ নহলহেতেন। আনপক্ষে আমি এইটোও কব পাৰোঁ যে হিন্দুধৰ্ম লৈ সবল আহাৰ খাবলৈ এৰাৰ পৰাহে যে আহোমসকল দুৰ্ব্বলী হল এইটো কথা হলে একেবাৰে সঁচা নহয়। ৰজাসকলে নদীয়া শান্তিপুৰৰ শাক্ত ভটাচাৰ্যৰ পৰা শক্তি-মন্ত্ৰ লৈ ইচ্ছামতে খাহি, পঠা, মুৰগী, মদ, মঙ্গহ ইত্যাদি খাব পাৰিছিল। অৱশ্যে তেখেতসকলে ভাৰতবৰ্ষৰ নিচিনা গৰম ঠাইত গৰু, ম'হ খাবলৈ এৰি ভালেই কৰিছিল। আমি হলে ভাবি পাওঁ