পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 জীয়েকৰ এই চিঠি পাই বদন বৰফুকনে তৎক্ষণাৎ তিনি চাৰিখান ডাঙৰ নাও সজাই বয়ে-বস্তুৱে, সপৰিবাৰে আৰু লগত সৎৰাম, শান্তিৰাম উভয়কে লৈ নাৱেৰে ভটিয়াই ভটিয়াই দুই তিনি মাহে কলিকতা পালেগৈ। তাত লৰ্ড অমিহাষ্ট’ক দেখা কৰি কলে, অসম ৰাজ্যত বৰ হুলস্থুল, প্ৰায় অৰাজকতাৰ দৰে হৈছে। ৰজা লৰা মানুহ। পূৰ্ণানন্দ বুঢ়াগোহঁয়ে অত্যাচাৰ কৰি প্ৰজা ধ্বংস কৰিব লাগিছে। কোম্পানী বাহাদুৰে যেন অসম দেশখান বুঢ়াগোহাঁইৰ হাতৰপৰা কাঢ়ি লৈ দেশত শান্তি স্থাপন কৰে। গবৰ্ণৰ জেনেৰেল লৰ্ত আমহাষ্টে সেই সময়ত Non-intervention Policy অৰ্থাৎ “আমি কাৰো গোলমালত হাত নিদিও” এই নীতিৰ বশবৰ্তী হৈ বদন বৰফুকনক সহায় কৰিবলৈ মান্তি নহল। তেতিয়া বদন বৰফুকনে আন একো উপায় নাপাই তাত থকা মান ৰজাৰ কটকী এজনেৰে সৈতে চিনা-জনা হৈ তেওঁৰ লগতে সাগৰেদি মানদেশলৈ গল। তাই গৈ মানৰ ৰজাক বুজালে যে তেওঁৰ ভাই ৰজাৰ দেশখান ছাৰেখাৰে গল। বঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজা চন্দ্ৰকান্ত সিংহক ভাঙি নিজে ৰজা হৈ দেশত অত্যাচাৰ কৰি প্ৰজা ধ্বংস কৰিব লাগিছে। তেওঁৰ উচিত ভাই ৰজাৰ দেশখনক উদ্ধাৰ কৰা। মান ৰজাই আমাৰ কামৰূপ উৎপীড়ক বদন বৰফুকনৰ কথা সত্য মানি ১৮১৮ খৃষ্টাব্দত বদনৰ লগত আঠহেজাৰ মান সেনা দি পঠিয়ালে। বাটত দাতি কাষৰীয়া দোৱনীয়া, ফাকিয়াল, ইত্যাদি আৰু আঠহেজাৰ মানুহ এই সৈন্যৰ লগ হোৱাত, ১৬ ষোল হেজাৰ সৈন্যেৰে সৈতে বদনে লগত সৎৰাম, শান্তিৰামক লৈ পাটকাই পৰ্ব্বত শ্ৰেণীৰ মাজেদি, চুৎকা, হুকং এই বাটেৰে প্ৰায় এমাহে আহি নামৰূপ পাই তাতে ছাউনি কৰিলে।

⸻⸻