পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বদনে তেতিয়া লগত চাৰি পাঁচোটা মান সৈন্য লৈ ৰাজকাৰেঙৰ ভিতৰলৈ সোমাই ৰজাৰ সৈতে দেখা কৰি ৰজাক জনালে যে তেওঁ মানক ভাৰ-ভেটি দি বঢ়াই বুজাই ওলটাই পঠাব।” দেশদ্ৰোহী বুঢ়াগোহাই মৰিল, আপদ খাণ্ডিল। ৰজাই মানে সৈতে যেনেকৈ সন্ধি কৰিলে আগলৈকো ভাল হব সেইটো কৰিবলৈ বৰফুকনৰ গাতে ভাৰ দিলে। বৰফুকনে তেতিয়া ৰূপ ২৪,০০০, সোণৰ মোহৰ ৮০০০ আৰু ৰজাৰ লিগিৰী হেমো গাভৰুক বুঢ়াগোহাঁইৰ তোলত ধৰা সেই লিগিৰী-লিকচৌৱে সৈতে বাৰ্ম্মা ৰজালৈ ধনে-সোণে বয়ে-বস্তুৱে পঠিয়ালে। মিঙ্গিমাহাই পদুমীক অনি বৰফুকনৰ আগত হাজিৰ কৰি কলে :- “ফুকন ভাঙৰীয়া। এই জী গাভৰু মোৰ নিজা হব। আপুনি তাইক বুজাই কওক।” তেতিয়া বৰফুকনে সুধিলে :-“হেৰ গাভৰুকনি, তোৰ নাম কি? তই কাৰ জীয়েক--কাৰ ঘৈণীয়েক?”

 পদুমী--- (কান্দি কান্দি) মই দেউতা! তোলন কাকতীৰ জীয়েক।

 বৰফুকন—অ! তই বুঢ়াগোহাঁইৰ ফৈদৰ। ভালেই হল। তই আজিৰপৰা মোৰ এই সখি মান সেনাপতিৰ তিৰোতা হলি তোৰ কপাল ভাল!

 পদুমী-- (কান্দি কান্দি) দেউতা ঈশ্বৰ! মই যে বিবাহিতা। মোৰ স্বামী জীয়াই থাকিব পায়।

 বৰফুকন--কোননো তোৰ গিৰিয়েৰ?

 পদুমী-দেউতা ঈশ্বৰ! স্বৰ্গদেৱৰ লগৰীয়া চাৰিয়া ফুকনৰ সখি শান্তিৰাম মোৰ স্বামী।

 বৰফুকন—অ গাভৰু! তোকনো আৰু মই কি কম? তোৰ স্বামী শান্তিৰাম ৰণত মৰিছে। অৱশ্যে তেওঁ জীয়াই থকা হলে মই