পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দ্বাদশ অধ্যায়

⸻:০:⸻

বুৰঞ্জী

 পাঠক-পাঠিকাসকল! আমি ডেকা-গাভৰুৰ প্ৰায় আৰু ৰজাৰ ৰং-ধেমালিৰপৰা ক্ষন্তেক আঁতৰি সেই সময়ৰ ৰাজনীতি এফেৰা জনাবলৈ ওলালো। আপোনালোকে অলপ ধৈৰ্য্য ধৰি পঢ়িলেহে আমাৰ এই উপন্যাসৰ আগ-গুৰি ভালকৈ বুজিব।

 স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ—বুৰঞ্জীত আছে ১৮১৫ শকত অসমৰ শেষ ৰজা চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ সোতৰ বছৰ বয়সীয়া ৰজাই হেনো এই বয়সলৈকে ৰাজ-কাৰ্য্যত মন দিয়াতকৈ লগ সমনীয়াৰে সৈতে হাঁহি-খিকিন্দালি কবা, ধেমালিত কাল কটোৱা ইত্যাদিহে ভাল পাইছিল। ভূত কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম সৰুৰেপৰা হেনো ৰজাৰ খেলৰ লগৰীয়া আছিল। ৰজা হৈও স্বৰ্গদেৱে এই ভূতৰ পুতেকৰ লগ এৰিব নোৱাৰিলে। ৰাজমাওক কাবৌ কোকালি কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সম্মত লৈ ৰজাই সৎৰামক নিজৰ অষ্টপ্ৰহৰৰে লগৰীয়া কৰি ৰাখিলে। সৎৰামে লাই পাই দিনক দিনে মইমতলীয়া হবলৈ ধৰিলে। আনকি বুঢ়াগোহাঁইক যে নিজে নমনা হলেই ৰজাকো বুঢ়াগোহাঁইৰ বিৰুদ্ধে লগাবলৈ ধৰিলে। ৰজা আৰু সৎৰামৰ অন্যায় আৰু পাপৰেপৰা হেনো অসম দেশখন তল গ'ল।