সমললৈ যাওক

পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গোহাঁইদেৱে ঘোৰাৰ পিঠিত, সৎৰাম মাটিত। তথাপি সৎৰাম পিছ নুহুহকিল। সৎৰামৰ অন্তৰত ৰুচিনাথলৈ ভয়ানক ক্ৰোধ। সংৰামে কেবাবেলি ও গোহাঁইদেউৰ ঠেঙত তৰোৱালৰ কোব মাৰিছিল; কিন্তু গোহাঁইদেৱে সু-কৌশলে তৰোৱল পাতি সেই কোব আগুৰিছিল। অৱশেহত আন আন মান সৈন্যে গোহাঁইদেউক খেদি আহি বেঢ়ি ধৰিবলৈ অহাৰ আগেয়ে গোহাঁইদেৱে নিজৰ পিতৃ-পিতামহৰ বীৰত্বলে সুৱৰি সৎৰামক একে কোবে দোচোৱা কৰি সেই ঠাইৰপৰা ঘোৰা মেলাই দিলে। সেইদৰে শান্তিৰামৰ গাতো কাড় এপাত লাগি বেচেৰা শান্তিৰাম ৰণ-থলিত পৰি গল। ইফালে অসমীয়াৰ দলতো নৰহৰি, তোলনকে আদি কৰি প্ৰায় ৩৫০০ ৰণুৱা মৰিল। মানৰ প্ৰায় ৫৬ হেজাৰ সৈন্য মৰিল। অসমীয়াৰ জয়ৰাম, মনাইকে আদি কৰি মুঠেই পাঁচ 'শ সৈন্য ৰল। মানে যেতিয়া উঠানি মাৰি সেই সকললৈ খেদি আহিল, তেতিয়া আৰু ঠাৱৰিব নোৱাৰি সেই চাৰি পাঁচ শ অসমীয়া যেয়ে যিফালে পালে পলাল। ৰুচিনাথ গোহাইদেৱে যদিও সৎৰামৰ লগত যুজ কৰোতে ভৰিত দুঠাইত আঘাত পাইছিল তথাপি ঘৰমুখে ঘোৰা চেকুৰাই গল। মানে ৰংপুৰৰ ফাললৈ প্ৰায় তিনি চাৰি মাইল মান গৈ সেই দিনা তাতে ৰল। তাৰ পিছদিনা ১৫ মাইল বাট খোজ কাঢ়ি গৈ ৰংপুৰ নগৰৰ সীমাত, জয়সাগৰ পুখুৰীৰ কাষত কোঠ মাৰি বহি তাৰ পিছ দিনা বদনে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱলৈ কটকী পঠিয়াই জনালে যে স্বৰ্গদেৱে কোনো ভয় কৰিব নালাগে। মাত্ৰ বুঢ়াগোহাঁইক সপৰিবাৰে তেওঁৰ ওচৰত সমৰ্পণ কৰিলেই সকলো লেঠা ছিগিব। ৰজাই কিংকৰ্তব্যবিমূঢ় হৈ কটকীক এই মাত্ৰ কৈ পঠিয়ালে যে তেওঁ একো কৰিব নোৱাৰে। তেওঁ এই ৰাজ্যত নামমাত্ৰহে ৰজা বৰফুকনেই বুঢ়াগোহাঁইৰ সম্পৰ্কে যি ইচ্ছা তাকে কৰক।