পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তোলন কাকতী, জয়ৰাম, মনাই, নৰহৰি ইত্যাদি আমাৰ জনাজাত সকলোটি আছিল। সিফালে ৰঙ্গিলীকে আদি কৰি প্ৰায় ডেৰকুৰি দুকুৰি গাভৰুও যুজত আহত হোৱা সকলক পতিপাল কৰিবলৈ দলবদ্ধ হল। বুঢ়াগোহাঁয়ে এই অলপ সময়ৰ ভিতৰতে এইদৰে চাৰি জোৰ মাথোন ৰণুৱা গোটাই সেইসকলৰ ওপৰত তেওঁৰ বৰপুত্ৰ ৰুচিনাথ গোহাইদেউক সেনাপতি পাতি মানেৰে সৈতে নাম ৰূপতে যুজ দিবলৈ পঠিয়াই দি ইফালে আৰু সৈন্য গোটোৱাৰ চেষ্টাত ৰল। উত্তৰ ফালৰ গাওঁবিলাকলৈ যিমান পাৰে মানুহ গোটাবলৈ চাওদাং পঠিয়ালে।

 সিফালে মানৰ দলত বদন বৰফুকন আৰু মান সেনাপতি মিঙ্গিমাহা তিলোৱাই সৈন্য চলাইছিল। সৎৰাম আৰু শান্তিৰামে তেওঁলোকক সহায় কৰিছিল। নামৰূপ আৰু ৰংপুৰৰ মাজতে তয়া-ময়া ৰণ লাগিল। ৰুচিনাথ গোহাঁইদেউৰ সৈন্য যদিও মান সৈন্যৰ তুলনাত নিচেই তাকৰ (তেওঁৰ ৪০০০ মানৰ ১৮০০০) তথাপি গোহাঁইদেৱে প্ৰবল পৰাক্ৰমৰে এদিন যুজিলে। গোহাঁইদেৱে নিজে ঘোৰাৰ ওপৰত উঠি মুকলি তৰোৱাল হাতত লৈ যিমান পাৰে মান সেনা বধিলে। তেওঁ অতি পুৰুষাৰ্থ কৰি কোনো ৰকমে এটা বৰটোপ টনাই নিয়াইছিল। সেইটোৰ দ্বাৰাই আহোম হিলৈদাৰীসকলে ভালেমান মান সৈন্য বধিলে। কিন্তু লৰালৰিকৈ আনিবলগীয়া হোৱাত আৰু আগৰেপৰা সাজু হৈ থাকিব নোৱাৰা বাবে হিলৈৰ খাৰ ঢুকাল। পাঁচ, ছয় জাই মৰাৰ পিছতেই হিলৈ বন্ধ হল। দুয়ো দলৰে প্ৰধান অস্ত্ৰ আছিল ধেনু, কাড়, বৰ্ষা, ষাঠি, জোঙ আৰু তাৰোৱাল।

 যুজি থাকোতে থাকোতে ৰুচিনাথ গোহাইদেৱ আৰু সৎৰাম সমুখা-সমুখি হল, উভয়ৰে তৰোৱালে তৰোৱালে তয়াময় ৰণ লাগিল।