পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নৃত্য-গীত শলাগে। তাইক সকলোৱে ভাল পায়। তাই কোনো এটা কথা যাকে তাকে খাটিলেই সেই কামটো সিদ্ধি নোহোৱাকৈ নেথাকে। তাই যদি এইবাৰ আমাৰ হিন্দু চুবুৰিলৈ গৈ হিন্দু সঙ্গীহঁতক নাচিবলৈ গাবলৈ মাতে তেন্তে বোধকৰো কেৱে ‘না’ কৰিব নোৱাৰিব। সেইদেখি সখি! মই তোমাক খাটো তুমি মোৰ নাম-ধাম নোকোৱাকৈ ৰঙ্গিলী গাভৰুৰ হতুৱাই তাইক এইবেলি নিশা-বিহুলৈ আনিব নোৱাৰিবনে?”

 সৎৰাম— “হয় সখি! তুমি আচল উপায়টো ভাবিছা। বাৰু মই তোমাৰ সলনি ৰঙ্গিলীক খাটি-লুটি তাইৰ হতুৱাই পদুমীক উলিয়াই অনাই তোমাৰ বুকুত পেলাই দিয়াম। কিন্তু সখি! এটা কথা,ৰঙ্গিলীয়ে জানিবা তাইক আনি তোমাৰ বুকুত দিলে, তাইও জানিবা তোক “ভালপাওঁ” বুলি কলে, তথাচ তুমি মাক বাপেকে নিদিলে তাইক কেনেকৈ পাবা?”

 শান্তিৰাম— “সখি! তাই যদি মোক “ভালপাওঁ” বুলি কয়, তেন্তে তাইক মই পলুৱাই নি আঁতৰত বিয়া কৰাম। মোৰ জেঠাইৰ ঘৰলৈ নি তাইক তাতে বিয়া কৰাম। তাইক আমাৰ হিন্দু মতে বিয়া কৰাই লব পাৰিলেই আৰু এক তোলন নেলাগে দহ তোলনেও আমাক এৰা-এৰি কৰাব নোৱাৰিব।”

 সৎৰাম— “বাৰু সখি! মই সোধো তুমি বেজাৰ নাপাই উত্তৰ দিবা। তাইক নো কেনি কোন বাটেদি পলুৱাই নিবা”

 শান্তিৰাম— “গাৱৰ ম’হ নিয়া বাটেৰে নিম।”

 সৎৰাম— “মহ নিয়া বাটত যদি হেঙাৰ দি থয়।”

 শান্তিৰাম— “ভূঁইতলিৰ বাটেৰে নিম।”

 সৎৰাম— “তাতে যদি ভেটা থাকে।”