পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰঙ্গিলী
⸺····⸺
প্ৰথম অধ্যায়
⸺···⸺
ৰঙ্গিলী

 আমাৰ কাহিনীৰ আৰম্ভ ১৮১৫ খৃষ্টাব্দত। অসমৰ ৰজা কামলেশ্বৰ সিংহ স্বৰ্গী হােৱাত তেওঁৰ ভায়েক ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ১৮০০ খৃষ্টাব্দৰপৰা অসমৰ ৰাজপাটত বহিছে। ৰজাৰ বয়স কম থকাৰ বাবে ৺পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ মূৰত ৰাজ্যৰ সকলাে ভাৰ আছিল। গুৱাহাটীত তেতিয়া বদনচন্দ্ৰ বৰফুকন আছিল।

 এই সময়ত ৰংপুৰৰ জয়সাগৰ গাঁৱত ভালেমান আহােম, কলিতা, কোঁচ ইত্যাদি জাতিৰ মানুহ আছিল। গাঁওখন দিখৌ নৈৰ পাৰত মানুহে ভৰপূৰ, শস্যে-মৎস্যে অতুলনীয়। ৰজাৰ কাৰেঙৰ পৰা প্ৰায় এমাইল মাথোন আঁতৰত।

 এই মানুহবিলাকৰ প্ৰায় সকলোবােৰেই ৰজাঘৰৰ খাটনিয়াৰ। আহােম আৰু চুতীয়াসকলৰ ভিতৰত কেৱে শেনচোৱা, কেৱে কুকুৰা-