সৎৰাম— বাৰু তই এতিয়া এই বছৰেকৰ বিহুৰ দিনা আমাৰ ঘৰলৈ আহি এনেয়ে তিতা মুখে গলে জানো ভাল? অলপ মদকে পি যা। পিবই লাগিব।
এই কথা কৈয়েই সৎৰাম তৎক্ষণাৎ ভিতৰলৈ গৈ এবাটি মদ আনিলে। সৎৰামৰ মাক বাপেকেও ৰঙ্গিলীক আথবেথ কৰি মদ দিলে। ৰঙ্গিলীয়েও ইচ্ছাতে হওক বা অনিচ্ছাতেই হওক মদ বাটি পিলে। তাৰ পিছত তামোল এখন খাই কেতেকীক কলে— হেৰ কেতেকি। আহিবি দেই।
কেতেকী—মই হলে পাই নেযাওঁ।
ৰঙ্গিলী— কেলেইনো নাহিবি ঐ?
কেতেকী— কেলেইনো তই মোক আগেয়ে নামাতি দাদাক মাতিলি?
ৰঙ্গিলী— অ সেইটোহে জগৰ! বাৰু পায়! তোকে আগেয়ে মাতিলো। তই জৰুৰ আহিবি। খাই বৈ আকৌ আমি বিহু নাচিবলৈ যাম নহয়!
কেতেকী— (হাঁহি হাঁহি) মই হলে পায় তোৰ ঘৰত গৈ নাখাৱোঁ আৰু তোৰ লগত বিহুও নানাচোগৈ।
ৰঙ্গিলী— নহয় কেতকি। আহিবি আহিবি—এই বুলি কৈয়েই কেতেকীৰ মুখত চুমা এটা খাই ৰঙ্গিলী উঠি একেলৰে গৈ ঘৰ পালে।
ভাটাবেলীয়া কথা মতে সৎৰাম আৰু কেতেকীয়ে ৰঙ্গিলীহঁতৰ ঘৰত চিৰা-পিঠা ইত্যাদি খালেগৈ আৰু খাই বৈ উঠি পথাৰলৈ গৈ ডেকা গাভৰু সকলোৱে বিহু পাতিলে।
⸺:০:⸺