পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ৰঙ্গিলীয়ে দেখিলে যে শান্তিৰামৰ সোঁ কাষলতিৰ তলত এপাত কাঁড় লাগি আছে। ৰঙ্গিলীয়ে তৎক্ষনাৎ আন আন চাওডাংবিলাকক মাতি আনি শান্তিৰামক আৰু আন আন কেজনমান আহত সৈন্যক আলকুল কৰি দাঙি গাঁৱলৈ নিয়ালে। তালৈ নি আহতসকলক অলপ অলপ ফটিকা, আৰু কুকুৰাৰ কণী খুৱাই সবল কৰি লৈ সিহঁতৰ ক্ষত ঠাইবিলাকত দৰব-জাতি লগালে। শান্তিৰামৰ কাঁড়পাত বৰ যতনেৰে কাঢ়ি উলিয়ালে। তেজ বৰকৈ ববলৈ নৌ পাওঁতেই তৎক্ষণাৎ বটা বন-দৰব বান্ধি তেজ ৰাখিলে। ৰঙ্গিলী আৰু আন আন গাভৰুসকলৰ যতনত প্ৰায়বিলাকেই আৰোগ্য হল। শান্তিৰামে প্ৰায় কুৰি দিনমানৰ মূৰত উঠি-মেলি ফুৰিব পৰা হলত ৰংপুৰৰ ফালে গল। তাত বৰফুকনক দেখা কৰি পদুমীৰ কথা সুধিলে। সত্য কথা কোৱাৰ ধনুৰ্দ্ধৰ বৰফুকনে শান্তিৰামক কলে যে পদুমী মৰিছে। যদিও বৰফুকনে এই বুজনি দিলে তথাপি শান্তিৰাৰ মনে কলে “পদুমী মৰা নাই।” শান্তিৰামে গাঁৱলৈ গৈ দেখিলে গাওঁ প্ৰায় শূন্য। নিজৰ ঘৰলৈ গৈ দেখিলে তাতে নিজৰ শূন্য ঘৰ পৰি আছে। বাপেকৰ বিষয়ে আৰ-তাৰ মুখে শুনিলে তেওঁ হেনো আউনিআটী সত্ৰৰ ওচৰতে মাজুলীত আছেগৈ। শান্তিৰামে বাপেকক দেখা কৰিবলৈ কোনোৰকমে ব্ৰহ্মপুত্ৰ পাৰ হৈ আউনীআটী পালেগৈ। তাত গৈ শুনিলে যে তেওঁৰ পিতৃ জহনি বেমাৰত, আজি দুমাহ হৈছে, পৰলোকলৈ গৈছে। মাহীয়েকক দেখিলে যে মাহীয়েক স্বামী শোকত সিমান কাতৰ নহৈ তেওঁৰ স্বামীৰ বন্ধু দুই চাৰিজন উদাসীন ভকতৰ যত্নত ধান-চাউল, কাপোৰ-কানি পাই অন্নবস্তুৰ দুখ নোহোৱাকৈ খাই-বই আছে। সংসাৰত চাৰিউপিনে শূন্য দেখি “দেশ এৰি যতে পাওঁ ততে মৰোগৈ” বুলি শান্তিৰামে