পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হঁতৰ লগ ধৰিলে। শান্তিৰামে পদুমীৰ মনৰ ভাৱ বুজিব নোৱাৰি কিং কৰ্তব্য-বিমূঢ় হ’ল। পদুমীক যাবৰ পৰত মাত্ৰ ইয়াকে কলে— “পদুমি! তুমি মোক যেনে তেনেকৈ আকৌ এদিন নৈৰ ঘাটত লগ ধৰিবা।” পদুমীয়ে একো উত্তৰ নিদি লৰি-ঢাপলি সমনীয়াসকলৰ লগলাগি ঘৰ পালেগৈ। আমাৰ শান্তিৰামেও আমন-জিমকৈ ঘৰ পাই ওৰে নিশা ঢাৰিপাটীত পৰি ছাটি-ফুটিকৈ কটালে।

ৰঙ্গিলী-সৎৰাম

 সৎৰাম— হেৰ ৰঙ্গিলি! তই দেখোন আজিকালি আমাৰ ঘৰলৈ আগৰ দৰে সঘনে নাহ। ইয়াৰ কাৰণ কি?

 ৰঙ্গিলী— অহাযোৱা কৰিলেনো কি লাভ হব?

 সৎৰাম— অ’ তই লাভ নেদেখিলে কলৈকো নাযাৱ?

 ৰঙ্গিলী— লাভ নোহোৱা ঠাইলৈ নাযাম তো। তই জানো আজিকালি আমাৰ ঘৰলৈ আগৰ দৰে আহ?

 সৎৰাম— মোৰ পাই! ৰজাৰ লগতে দুভাগখিনি সময় কটাব লাগে, সেইদেখি আন ঠাইলৈ অহাযোৱা কৰিবলৈ সৰহ সময় নাপাওঁ।

 ৰঙ্গিলী— এৰা পাই! তই যেতিয়াই ৰজাৰ লগৰীয়া আমাৰ নিচিনা দুখীয়ালৈ কি কেৰেপ, কৰিবি। ৰজাৰ লগত ৰাজভোগ খাবলৈ পাৱ, ধুনীয়া ধুনীয়া লিগিৰীয়ে সৈতে চুপতি কৰিবলৈ পাৱ, সেই দেখি আমাৰ লেখিয়ালৈ তোৰ কি গয় আছে। সেইদেখি পাই। আমিও যেতিয়া দুখীয়া মানুহ তেতিয়া তোৰ নিচিনা ডাঙৰৰ নো ওচৰ চাপো কেনেকৈ?