চতুৰ্থ অধ্যায়
⸺০⸺
শান্তিৰাম
সেই গাঁৱৰ মণিৰাম মেধিও এজন ভাল কলিতা জাতৰ মানুহ। তেওঁ আউনীআটীৰ সেৱক। গুৰুঘৰৰপৰা “মেধি” বাব পাইছিল। তেওঁ ৰজাৰ নিজ ফৈদৰ মানুহ। তেওঁৰ ভাই ককাই চাৰিজনা। সেইসকলৰ লৰা-ছোৱালীও যথেষ্ট। তেওঁ মধ্যম অৰ্থাৎ তেওঁৰ ওপৰত এজন ককায়েক তলত দুজন ভায়েক। ধনে বস্তুৱে, মাটিয়ে-বৃত্তিয়ে, বঙহে-পৰিয়ালে, তেৱোঁ ভৰপূৰ। লৰা-ছোৱালীৰ ভিতৰত তেওঁৰ প্ৰথম পক্ষৰ লৰা এটিত বাজে আৰু নাছিল। তেওঁৰ প্ৰথম পত্নী ঢুকুৱাত তেওঁ দ্বিতীয়বাৰ বিবাহ কৰাইছিল; কিন্তু বিয়া কৰা বৰ আজি আঠ ন বছৰে দ্বিতীয় পক্ষৰপৰা কোনো লৰা-ছোৱালী জন্মা নাছিল। তেওঁ সেইবাবে মনদুখীয়া আছিল। তেওঁ কিন্তু সতি-সন্তান হওক বুলি আৰু এজনী বিয়া কৰোৱা নাছিল। কৰাওঁ বোলা হলে তেওঁ সেইটো সহজে কৰিব পাৰিলেহেতেন। কিন্তু তেওঁ গুৰুঘৰৰপৰা মেধিৰ বাব পাই, ধৰ্ম্মত মন লগাই, জ্ঞান-মাৰ্গৰ কথা অলপ-অচৰপ জানি এইটো সুন্দৰকৈ বুজিছিল যে একেলগে দুই তিনিজনী তিৰোতা পালন কৰা টান; ঘৰত অসুখ অশান্তিৰ ভড়াল হয়।
সেই কাৰণে তেওঁ নিজৰ কাম-কাজ চলাই ধৰ্ম্ম-কৰ্ম্মত মন দি জীৱন যাপন কৰিছিল। তেওঁৰ কুসাৰি বা অসন্তোষৰ ভিতৰত