পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়

⸺·×·⸺

শান্তিৰাম

 সেই গাঁৱৰ মণিৰাম মেধিও এজন ভাল কলিতা জাতৰ মানুহ। তেওঁ আউনীআটীৰ সেৱক। গুৰুঘৰৰপৰা “মেধি” বাব পাইছিল। তেওঁ ৰজাৰ নিজ ফৈদৰ মানুহ। তেওঁৰ ভাই ককাই চাৰিজনা। সেইসকলৰ লৰা-ছোৱালীও যথেষ্ট। তেওঁ মধ্যম অৰ্থাৎ তেওঁৰ ওপৰত এজন ককায়েক তলত দুজন ভায়েক। ধনে বস্তুৱে, মাটিয়ে-বৃত্তিয়ে, বঙহে-পৰিয়ালে, তেৱোঁ ভৰপূৰ। লৰা-ছোৱালীৰ ভিতৰত তেওঁৰ প্ৰথম পক্ষৰ লৰা এটিত বাজে আৰু নাছিল। তেওঁৰ প্ৰথম পত্নী ঢুকুৱাত তেওঁ দ্বিতীয়বাৰ বিবাহ কৰাইছিল; কিন্তু বিয়া কৰা বৰ আজি আঠ ন বছৰে দ্বিতীয় পক্ষৰপৰা কোনো লৰা-ছোৱালী জন্মা নাছিল। তেওঁ সেইবাবে মনদুখীয়া আছিল। তেওঁ কিন্তু সতি-সন্তান হওক বুলি আৰু এজনী বিয়া কৰোৱা নাছিল। কৰাওঁ বোলা হলে তেওঁ সেইটো সহজে কৰিব পাৰিলেহেতেন। কিন্তু তেওঁ গুৰুঘৰৰপৰা মেধিৰ বাব পাই, ধৰ্ম্মত মন লগাই, জ্ঞান-মাৰ্গৰ কথা অলপ-অচৰপ জানি এইটো সুন্দৰকৈ বুজিছিল যে একেলগে দুই তিনিজনী তিৰোতা পালন কৰা টান; ঘৰত অসুখ অশান্তিৰ ভড়াল হয়।

 সেই কাৰণে তেওঁ নিজৰ কাম-কাজ চলাই ধৰ্ম্ম-কৰ্ম্মত মন দি জীৱন যাপন কৰিছিল। তেওঁৰ কুসাৰি বা অসন্তোষৰ ভিতৰত