পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এইফেৰা আছিল যে তেওঁৰ দ্বিতীয় পক্ষৰ পত্নীয়ে পুতেক শান্তিৰামক মৰমৰ চকুৰে নেচাইছিল। আন আন সতীয়ৈ মাকে যেনেকৈ সতিনীৰ পুতেকক ব্যৱহাৰ কৰে তেৱোঁ শান্তিৰামক সেইদৰেই কাৰিছিল। এই কাৰণে আৰু সৰুৰেপৰা মাতৃ-স্নেহত বঞ্চিত হৈ শাস্তিৰাম সদায় মনত অশান্তিৰে আছিল। ঘৰত মাহীয়েকৰ ব্যৱহাৰত শান্তিৰামে প্ৰায় পঘা-চিঙা গৰুৰ দৰে বা দোল মুকলি থকা ঘোৰাৰ দৰে ফুৰিছিল; কেৱল খাব শুবৰ সময় ফেৰাত বাজে তেওঁ প্ৰায় ঘৰত নেথাকিছিল। বাহিৰত লগ সমনীয়াৰে সৈতে আমোদ-প্ৰমোদত, দৌড়া-দৌড়িত, সাঁতৰা-সাঁতৰিত হাউগুদু-নুগুদু খেলাত, আৰু পাশা-পচিশ্ খেলাত, সময় কটাইছিল। লগ সমনীয়াৰে সৈতে লগলাগি পথাৰত চৰি ফুৰ ঘোৰা ধৰি শুদা পিঠিত উঠিছিল। দিখৌত নাও খেলাত, চ’তৰ নিশা বিহুত গীত গাই ফুৰা গাভৰুসকলক আমনি আৰু দিকদাৰি কৰা কামতো পাৰ্গত আছিল। অনেক সময়ত দুপৰীয়া ভাটীবেলা অকলৈ দিখৌ নৈত বৰশীও বাইছিল। গধূলি হলেই সৎৰাম আৰু জয়ৰামে সৈতে লগলাগি ৰজা ঘৰলৈ গৈ ৰজাৰ লগত আমোদ-প্ৰমোদত কাল কটাইছিল। নিশা ডেৰ পৰ মানতহে খাবৰ সময়ত ঘৰলৈ উলটিছিল।