পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ৰঙ্গিলী

নেদেখুৱাই, শান্তিৰামৰ মুখৰ ফালে এবাৰ মাথোঁ। গম্ভীৰ ভাৱে চাই কলহটো ডাঙি লৈ ঘৰৰ ফাললৈ খোজ ললে। পদুমীৰ এই আচৰণত শান্তিৰাম কিংকৰ্তব্যবিমূঢ় হ’ল!


অষ্টম অধ্যায়

⸺:০:⸺

সৎৰামৰ ঘৰত

 এই ফাগুন মাহৰে এদিন গধূলি সৎৰাম ৰজাঘৰলৈ যোৱাৰ অলপ পিছতে সিফালৰ গাঁৱৰপৰা ডেকা এজনে বেগাবেগিকৈ আহি মাতিব ধৰিলে "সতাই দা! সতাই দা! ঘৰত আছানে?” তাৰ এই মাত শুনি সৎৰামৰ ভনীয়েক কেতেকীয়ে লৰি পদূলিৰ মুখলৈ আহি কলে –“কেলেই সতাই দাক হোঁ? সতাই দা এই মাত্ৰ ওলাই গৈছে।” তাইৰ এই কথাত ডেকাজনে কলে – “তেওঁ যাবৰ কিমান পৰ হ’ল কেতেকি? মোৰ আজি পলমেই হল হবলা। স্বৰ্গদেউ ঈশ্বৰে আজি মোক কিজানি বেয়াকে বুলিব। মই যাওঁগৈ দেই কেতেকি?

 কেতেকী – অ’ ৰবাচোন জয়ৰাম। এটা কথা শুনি যোৱা।

 জয়ৰাম – কি কথা কেতেকি! শীঘ্ৰে কোৱা। মই সৰহ বেলি ৰব নোৱাৰোঁ।