পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 শান্তিৰাম—“যোৱা সখি! কিবা ধেমালিখন কৰা।”

 সৎৰাম-“মই ধেমালি কৰা নাই। তোলন কাকতী আমাৰ আপৰ ফৈদৰ। তোমাৰ দেউতাৰ আমাৰ ফৈদৰ হলেও সি ফৈদৰ জীয়াৰীত মজিবলৈ নেৰিবা। তুমি যদি পুৰুষৰ পোৱালী হোৱা তেন্তে তুমি যেনে তেনেকৈ পদুমীক চুৰ কৰি পলুৱাই নিবা। তুমি যদি দুমাহ বা বছেৰেকৰ ভিতৰত এই কাম কৰিব নোৱাৰা তেন্তে তোমাক আমি আৰু স্বৰ্গদেৱে আমাৰ লগৰ যোগ্য ডেকা বুলি নাভাবিম। আপৰ ফৈদৰ গাভৰু চুৰ কৰিব পৰাটোহে মজা।”

 শান্তিৰাম—“বাৰু সখি! মোক জানিবা বুধি দিলা। কিন্তু তুমিনো ভাই আজি-কালি কোনজনীত মজিছা?”

 সৎৰাম –“মই ভাই! আমাৰ কুটুম আপৰ সেই সৰুজনী ছোৱালীত তেনেই ভুবি আছো। পানী প্ৰায় মোৰ এগললৈকে। ডুবিবলৈ অলপহে বাকী আছে। মই হলে ভাই সেইজনীকে চুৰ কৰিম। যদি মই চুৰ কৰিব নোৱাৰো তেন্তে মোৰ সতাই নামেই মিছা হব।

 শান্তিৰাম- “ভাই চুৰ কৰিলে তোমাক বুঢ়াগোহাঁই ডাঙৰীয়াই শুদাই এৰিবনে? ডালে-পাতে নাশ কৰিব।”

 সৎৰাম—“তাৰ সাধ্য!! স্বৰ্গদেৱে ইফালে মোক ৰক্ষা কৰিব, সিফালে তাইক যদি মই চুৰ কৰিব পাৰোঁ তেন্তে বশো কৰিব পাৰিম। বশ হলেই তায়ে বাপেকক খাটি-লুটি মোক জোৱাই বোলাব।

 সৎৰামৰ এই কথাত ৰজা, শান্তিৰাম, জয়ৰাম, মনাই চাৰিউজনে “কেনে বঢ়িয়া হব” বুলি হাত চপৰিয়াই হাঁহিবলৈ ধৰিলে। তাৰ পিছত ৰজাই আকৌ লিগিৰীহঁতক মাতিলে। লিগিৰী চাৰিজনীয়ে চাৰি বাটি ফটিকা আনি দিলে। ৰজাই ফটিকা বাটি হাতত লৈ