পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিমিত্তে তাই চিৰা সান্দহ খুন্দিছিল, পিঠা-পনা ভাজিছিল। বহাগৰ বিহু আহিলেই তাই গোটেইটো চতৰ মাহতে দিনত ধমাধম্ বিহুৱান কাপোৰ বৈছিল। কিন্তু নিশা হলে বিহুত-তায়ে আগৰণুৱা হৈ গাই নাচি ফুৰিছিল। তাইৰ বিহুগীত, আৰু নাচোন আনতকৈ ভাল আৰু শুৱলা আছিল। বুদ্ধিও, ইমান, চোকা আছিল যে তাই মুখে মুখে জোৰা দি বিহুনাম গাব পাৰিছিল আৰু সকলো কথাকে তাই অলপতে বুজিছিল। আমাৰ এই কাহিনীৰ সময়লৈকে মাক-বাপেকে সপোনতো ভবা নাছিল যে তাইক কাৰবালৈ উলিয়াই দিব লাগিব। আৰু তায়ো প্ৰণয় কি এটা বস্তু ভালকৈ জনা নাছিল। মুকলিমূৰীয়া অসমীয়া জীয়াৰী মুকলিমূৰেই ফুৰিছিল।



দ্বিতীয় অধ্যায়
সৎৰাম
⸺:০:⸺

 ৰঙ্গিলীহঁতৰ ঘৰৰ গাতে লগাকৈ ভূত কুকুৰাচোৱাৰ ঘৰ। ৰঙ্গিলীৰ বাপেক নৰহৰি যেনেকুৱা প্ৰসিদ্ধ শেনচোৱা, ভূতো সেইদৰে ৰজাঘৰৰ প্ৰসিদ্ধ কুকুৰাচোৱা আছিল। প্ৰভেদ এই আছিল যে নৰহৰিৰ নিতে ৰজাঘৰলৈ যোৱাৰ কাম নাছিল, তেওঁ ঘৰতে শেন শিকাইছিল আৰু নিজৰ খেতি-বাতি কৰিছিল। ভূতে কিন্তু সদায় পুৱাৰপৰা গধূলিলৈকে ৰজাঘৰৰ কুকুৰাচোৱাত ৰজাঘৰতে দিনটো কটাইছিল। এই ভূতৰ