পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 ছোৱালীজনীৰ নাম যেনেকুৱা পদুমী, ৰূপতো তাই সাইলাখ এপাহি পদুমৰ দৰেই। বৰণটো ঘাই হালধিৰ গাঁঠিৰ দৰে। হাত ভৰিবিলাক গঢ়িত, চুলিকোছা ককাললৈকে বৈ পৰা, চকু দুটি উজ্জ্বল; চকুৰ চেলাউৰি যেন লেখনিৰহে অঁকা। ওঠ দুটি ৰঙা। মুখখন আহোমগঢ়ি; কিন্তু নাকটো হলে বামুণীয়া নাকৰ দৰে দীঘল বৈ পৰা। মোটৰ ওপৰতে তেওঁ এজনী ধুনীয়া নিৰোগী তেজী বিধৰ ছোৱালী আছিল।

 স্বভাৱত তেওঁ গহীন। যতে-ততে, যাৰে তাৰে সৈতে সৰহ কথা পাতি চেলচেলাই ফুৰা বিধৰ নাছিল। সেই বুলি লগ সমনীয়াৰে সৈতে যে আমোদ-প্ৰমোদ নকৰিছিল তেনে নহয়। তেওঁ নিজৰ ৰূপত বা সৌন্দৰ্য্যত কিজানি এফেৰা গৰ্ব্ব থাকিলেও (প্ৰায় সুন্দৰী তিৰোতাবিলাকৰ হেনো নিজৰ ৰূপত এফেৰা গৰ্ব্ব থাকেই ) তেওঁ যে ধনী-মানী ঘৰৰ ছোৱালী এই ভাবেৰে হলে তেওঁৰ এফেৰাকে গৰ্ব নাছিল।

 জীয়েকৰ ষোল বছৰ বয়স। যোৱনত ভৰি দিবৰ আজি বছৰেক হৈ গল, তথাপি তেওঁৰ বাপেক তোলন কাকতীয়ে আৰু মাক হৰিপ্ৰিয়াই তেওঁক বিয়া দি এঘৰলৈ উলিয়াই দিয়া বিষয়ে উমঘামকে কৰা নাছিল। অসমত দুয়োঠাল, ব্ৰাহ্মণত বাজে আনবিলাক জাতিৰ মানুহৰ ছোৱালী কুমাৰী কালতে বিয়া দস্তুৰ আজিলৈকে ভাল কৈ চলা নাই। এশ বছৰৰ আগেয়ে অসমীয়া মানুহ যেতিয়া স্বাধীন আছিল, তেতিয়াতো কলিতা, কেওট, কোঁচ ইত্যাদি জাতৰ হিন্দু সকলে কুমাৰী কালতে ছোৱালী বিয়া দিয়া অতি দুৰন্তাং কথা আছিল! আহোম আৰু চুতীয়াসকলৰ কথাটো কবই নেলাগে। আজিলৈকে আগৰ বীৰ-জাতি আহোম আৰু চুতীয়াসকলে ছোৱালী কুমাৰী কালতে