পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

একচত্বাবিংশৎ অধ্যায়
⸻:ᐤ:⸻
মানৰ ৰণ

 বুঢ়াগোহাঁয়ে ভূতৰ পুতেকৰ খবৰ দমন কৰি ভাবিছিল তেওঁ নিষ্কণ্টক হল। কিন্তু মহেশ্বৰ পৰ্ব্বতীয়া ফুকনে বদনক নাপাই এনেয়ে উলটি অহা দেখি অলপ শঙ্কিতো হৈছিল। যদিও তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ দিনৰেপৰা বৰ পৰিশ্ৰম কৰি আৰু এতিয়া ভূতৰ পুতেক সত্ৰাৰ খবৰ দমন কৰি ভৰি আছিল, আৰু তাৰ বাবে গা অলপ অসুস্থও আছিল, তথাপি তেওঁ কৰ্তব্যৰ অনুৰোধত শৃঙ্খলা আৰু শান্তিস্থাপন কৰিবলৈ আহো-পুৰুষাৰ্থ কৰিছিল। তেওঁ সপোনতে ভবা নাছিল যে বদনে ইমান ঘূৰি-পকি আজি আঠ মাহৰ মূৰত আকৌ এটা ধুমুহা সৃজন কৰিব। তেওঁ যেতিয়া শুনিলো যে বদন বৰফুকনে অসংখ্য মান সৈন্য লৈ নামৰূপ পালেহি, তেতিয়া তেওঁৰ মূৰত আকাশ ভাগি চৰগ পৰাৰ দৰে হল। মান অহা বাতৰি পাই তেওঁ লৰালৰিকৈ তেওঁৰ হাউলিৰ চাৰিওফালে এটা কোঠ মৰালে আৰু সেই কোঠৰ ভিতৰত তেওঁৰ ফৈদৰ লৰা তিৰোতা প্ৰায় সকলেটিকে সুমাই ললে। তোলন কাকতিৰ পৰিবাৰ আদিকো তাতে স্থান দিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ নিবিঘ্নে নিজৰ কাৰেঙতে সোমাই ৰল। লৰা-তিৰোতা এইদৰে থৈ বুঢ়াগোহাঁয়ে পুতেকসকলৰ সহায়ত ওচৰ-সামৰৰ যিমান ডেকা আৰু আদহীয়া বয়সৰ মানুহ পালে সেই সকলোকে গোটালে। সেইসকলৰ ভিতৰত