পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰঙ্গিলী

 আমাৰ অসমীয়াৰ বিহু তিনটা। এটা কাতি মাহৰ পহিলা তাৰিখৰ আগদিনা। ইয়াক কাতি বিহু বোলে। এই বিহুত কেৱল মাত্ৰ তুলসী ৰুই আকাশ-বন্তি লগায়। ইয়াত খোৱা বোৱা বা আমোদ-প্ৰমোদ একো নাই। এই বিহুক এই কাৰণেই আমি “কঙালী বিহু” বোলোঁ।

 মাঘৰ পহিলা তাৰিখৰ আগদিনাৰ পৰা সাত দিনলৈকে মাঘ-বিহু। পুহ-মাহৰ ভিতৰতে অসমীয়া মানুহে পথাৰৰ শালি ধান দাই মাৰি শেষ কৰে; আৰু খেতিৰ উৎপন এই মহালক্ষ্মীগালেৰে চিৰা-পিঠা, সান্দহ ইত্যাদি ভোগ্য বস্তু বিহুৰ ছয় সাত দিনমানৰ আগৰেপৰা মাইকী মানুহে তৈয়াৰ কৰি ৰাখে। ডেকা লৰাবিলাকে প্ৰায় গোটেইটো মাহে হাবিৰপৰা বাঁহ আনি পথাৰত বা নৈৰ বালিত ঘৰ কেইটা মান সাজে। সেই ঘৰ চায় ধান খেৰেৰে বা ধানৰ নৰাৰে অথবা বিৰিণা হাবিৰে। বেৰ দিয়ে বিৰিণাৰে বা নৰাৰে, অথবা কল-চোঁচ-বিৰিনাৰে। এই ঘৰৰ কাষতে কাঠ-কুঠ গোটাই আনি ডেকাসকলে ডাঙ্গৰ সৰু কিছুমান মেজি সাজি ৰাখে। পুহৰ শেহ দিনটোৰ আগদিনাক উৰুকা বোলে। ডেকা লৰাবিলাকে ৰাতিপুৱাৰেপৰা ঘৰে ঘৰে চাউল মাহ পয়ছা তোলে। ভাটীবেলা হলে সেই গোটোৱা পয়ছাৰে বজাৰৰ পৰা ডাঙ্গৰ মাছ আৰু পাচলি কিনি আনি সেই পথাৰৰ ঘৰৰ ভিতৰত ৰন্ধা-বঢ়া কৰি সকলোবিলাকে লগ-ভাত খায় আৰু ওৰে নিশাটো ঢোল, খোল, টকা, পেপা বজাই, সেই ঘৰৰ ভিতৰতে মাজে মাজে গিৰিহঁতবিলাকৰ ঘৰৰপৰা চুৰ কৰি নিয়া কাঠেৰে জুই ধৰি জুই পুৱাই কটায়। কেৱে নোশোৱে। জুই পুৱাবলৈ খৰি হলে চুৰ কৰিহে নিয়ে। এই চুৰ কৰাটোত কোনো গিৰিহঁতে লৰা বা ডেকাহঁতক বিশেষ ক্ষতি নহলে একে গালি-শপনি নাপাৰে; কাৰণ ইও