পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 শান্তিৰামৰ মহাক মাহীয়েক এমাহৰ মূৰত বন্দীশালৰপৰা ওলাই মাটিবৃত্তি সকলো হেৰুৱাই তেওঁলোকে নৈ পাৰ হৈ গৈ আউনীআটী সত্ৰৰ ওচত গৃহস্থি ভকত হৈ ৰলগৈ।

 আৰু পদুমীৰ ঘৰত? পদুমীৰ ঘৰত পদুমীৰ মাক-বাপেকে দিনে-নিশাই পদুমীক বুজাবলৈ ধৰিলে। শান্তিৰামক পাহৰিবলৈ কলে। বুজালে যে পিতৃ-মাতৃৰ মনত কষ্ট দিয়াটো তেওঁৰ উচিত হোৱা নাই। জীয়াৰী হলে মাক-বাপেকৰ হাকে-বচনে চলিব লাগে। মাক বাপেকে যালৈকে দিয়ে, তালৈকে যাব লাগে। পদুমীয়ে কিন্তু সদায় সেই একেবাৰ কথাকে নেৰিলে। তেওঁৰ কথা এই যে, তেওঁ শান্তিৰামত বাজে আন কালৈকে নাযায়। মাক-বাপেকৰ উচিত যে যুঢ়াগোহাঁইক ধৰি ৰামৰ অপৰাধ ক্ষমা কৰাই তেওঁক বিচাৰি আনি তেওঁতে বিয়া দিব লাগে। পদুমীৰ মন মাক বাপেকে আন কি লগ-সমনীয়া গাভৰুসকলেও এফেৰাকে ভঙ্গাব নোৱাৰিলে। তোলন কাকতীয়ে খঙতে জীয়েকক নাক কাটা বেশ্যা বুনি শাও দিলে যে, ‘তাইৰ কোনো কালতে সুখ নহব; পদুমীয়ে সেই শাও খাইও আমুৰি কৰিবলৈ নেৰিলে। গালি-মাত পাৰি হায়ৰাণ হৈ তোলন কাকতীয়ে অৱশেষত শান্তিৰামক বিচাৰিও পঠিয়ালে। কিন্তু কেৱে কতো নগা পাহাড়ৰ ফালে শান্তিৰামক নাপালে।

 ইফালে হৰিদাসে মণিৰাম মেধিৰ সম্পত্তিৰপৰা খৰচ ভগন লৈ, তোলন কাকতীৰপৰা যোৰণত দিয়া অলঙ্কাৰ-পাতি ওলটাই লৈ আন ঠাইত এজনী ছোৱালী, খুজি-বাচি বিয়া কৰালে।

⸻০⸻