পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তাইক আৰু নেভাবোঁ।” কিন্তু যিমানেই “নেভাবোঁ নেভাবোঁ”, বুলি মনত পাঙে, সিমানেই তাইৰ সুন্দৰ মুখখনি, গজেন্দ্ৰগামিনী খোজটো, মনৰপৰা আঁতৰ নহয়। সেই ওৰে নিশাটো তেওঁ ভালকৈ শুব নোৱাৰিলে। ভাবি ভাবি মনত স্থিৰ কৰিলে যে এই কথাটোৰ সমিধান তেওঁৰ লগৰীয়া বন্ধ সৎৰামৰপৰা নাপালে আৰু আন ঠাইত পাবলৈ নাই—যিহেতু সৎৰাম বৰ বুধিয়ক। এই কথা ভাবি-চিন্তি পিছদিনা দুপৰীয়া তেওঁ খাই বই উঠি সখিয়েক সৎৰামৰ ঘৰলৈ আহিল।

 যি সময়ত শান্তিৰামে সৎৰামৰ ঘৰৰ দুৱাৰমুখত ঠিয় হৈ মাত লগাইছিল—‘সখি! ঘৰত আছানে, সেই সময়ত সৎৰামে চ’ৰাঘৰৰ, নিজৰ শোৱনি খোঁটালীটোত বান্দৰ এটাক কিবা কিবি শিকাই আছিল। মাক ভনীয়েক উভয়ে ঘৰৰ খোৱা-লোৱা কাৰবাৰত ব্যস্ত আছিল। বাপেক ৰজাঘৰলৈ গৈছিল। শান্তিৰামৰ মাত শুনা মাত্ৰকে বান্দৰটোক তাৰ নিজ ঠাইত বন্ধি থৈ সৎৰামে মিচিককৈ হাঁহি এটা মাৰি আগবাঢ়ি ওলাই আহি কলে—“সখি! আজিনো আমাৰ কি ভাগ্য যে তুমি এইখিনি পালাহি।”

 শান্তিৰাম –“সখি! বৰ লেঠা এটাত পৰি তোমাক বুধি এটা সুধিবলৈ আহিলোঁ।

 সৎৰাম-“এৰা সখি! লেঠাত নপৰিলে হঠাত আমাৰ এইখিনি পালাহিহেতেন জানো? গল নিশা ৰজাঘৰলৈকো নগল। আজিকালি তোমাৰ ধাউতি গাঁও-ভূইৰ গাভৰুসকললৈহে। দুখীয়া লগ সমনীয়াকনো কেলেই লাগিছে?”

 শান্তিৰাম - ‘যোৱা সখি! তোমাক মই বুধি সুধিবলৈ আহিলোঁ। মই কোনো কথা কবলৈ নৌ পাওঁতেই তুমি আৰু আমাক দুখীয়া দেখি পেংলাইহে কৰিবলৈ ধৰিলা।”