পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অসমীয়াৰ বিহু কি?

এটা আমোদৰহে কথা। প্ৰথম কুকুৰাই ডাক দিয়া মাত্ৰেই ডেকা বিলাকৰ সকলোটিয়েই হয় তাতে, নহয় ঘৰলৈ গৈ গা ধুই আহে আৰু যেয়ে পাৰে সেয়ে অগ্নি সেৱা কৰিবলৈ অলপ অলপ ঘৰৰপৰা ঘিউ লৈ আহে। যি গাঁৱত ব্ৰাহ্মণ থাকে সেই গাঁৱৰ সবাতকৈ বয়োজ্যেষ্ঠ ব্ৰাহ্মণ ডেকাজনে আগেয়ে মন্ত্ৰ মাতি ঘৰবিলাকত জুই লগাই দিয়ে। জুই জ্বলি উঠিলেই যেয়ে পাৰে সেয়ে এই মন্ত্ৰটো মাতি জুইলৈ ঘিউ ছটিয়াই দিয়ে। যি গাঁৱত ব্ৰাহ্মণ নেথাকে তাত অন্য বৰ্ণৰে ডেকা এজনে জানিলে মন্ত্ৰটো মাতে নাজানিলে “হে অগ্নি দেৱতা? ঘিউ লবা।” এই বুলিয়েই কলপাতৰ থোলাত ঘিউ লৈ দলিয়াই দিয়ে। মন্ত্ৰটো এই –

“অগ্নিং প্ৰজ্জ্বলিতং বন্দে চাতুৰ্বণ্যহুতাশনং।
সুবৰ্ণবৰ্ণং মমলং জ্যোতিৰূপায়তে নমঃ।”

 ঘৰত আৰু মেজিত জুই লাগি উঠিলেই ডেকাবিলাকে বিহুৰ ঢোল, তাল, পেপা বজাই চিঞৰিব ধৰে। এই প্ৰথম মাঘৰ আগদিনা গোটেই অসম জুৰি মেজি-ঘৰ বা হোম-ঘৰ পোৰা টকা আৰু ঢোলৰ শবদৰ লগত বাঁহৰ হিলৈবিলাক ফুটিবলৈ ধৰে। দৰাচলতে মাঘৰ বিহুৰ পুৱাৰ এই ঢোল টকাৰ শব্দ, মেজিবিলাকৰপৰা ধু-ধু বাঁহৰ হিলৈৰ শব্দ শুনিলে এটা কি যে আনন্দ অনুভব হয় কব নোৱাৰি। ইফালে প্ৰত্যেক গিৰস্থৰ ঘৰতত বুঢ়াসকলে গা-পা ধুই লৰাহঁতৰ মেজি-ঘৰ ওচৰত হলে মেজিকে পুৱা গৈ তাৰ পিছত আহি গোসাই ঘৰত বা নামঘৰত সেৱা পূজা কৰে বা নাম-গুণ লয়। এইদৰে মেজি পোৰা হলে, সেৱা পূজা কৰা আৰু নাম-গুণ লোৱা হলে তলতীয়া সকলে শ্ৰেষ্ঠসকলক দণ্ডৱৎ কৰি সেৱা কৰে। তাৰ পিছতহে সকলোৱে চিৰা পিঠা সান্দহ ইত্যাদিৰে জা-জলপান খায়। এই দিনৰ