পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰঙ্গিলী

চোৱা, কেৱে ধেনুচোঁচা, কেৱে লাঠিকৰা, কেৱে হিলৈদাৰী। কলিতা কোঁচ ইত্যাদি সকলৰ চুবুৰিত কেৱে কাকতী, কেৱে বৰুৱা ইত্যাদি বিষয় আৰু খাটনিয়াৰ আছিল। আন এচুবুৰিত চাৰি পাঁচ ঘৰ ব্ৰাহ্মণৰ বসতি আছিল। ব্ৰাহ্মণসকলৰ ভিতৰত কেৱে ৰজাঘৰীয়া পূজাৰি, কেৱে বিধিপাঠক, কেৱে ন্যায়সোধা, কেৱে পুৰোহিত ইত্যাদি বাবৰ আছিল।

 আহোমসকলৰ ভিতৰত নৰহৰি শেনচোৱা, আৰু ভূত কুকুৰাচোৱা এই দুই গৰাকী লোক সেই সময়ত বৰ প্ৰসিদ্ধ আছিল। কোঁচ কলিতাসকলৰ ভিতৰত তোলন কাকতী আৰু মণিৰাম মেধি জনাজাত মানুহ আছিল। ব্ৰাহ্মণসকলৰ ভিতৰত প্ৰায় আটাই কেই ঘৰেই প্ৰসিদ্ধ মানুহ আছিল। নৰহৰি শেনচোৱাৰ সেই সময়ত এজনী চৈধ্য পোন্ধৰ বছৰ বয়সীয়া জীয়েক, এটা বাৰ তেৰ বছৰ বয়সীয়া পুতেক, আৰু পৰিবাৰ এগৰাকী আছিল। নৰহৰিৰ জীয়েকৰ নাম ৰঙ্গিলী। ছোৱালীজনী গাভৰু, নিয়মিত ওখ, শৰীৰ হৃষ্ট-পুষ্ট, বৰণত বগা, অথচ গোটেই গায়ে যেন তেজে ফুটি-যাওঁ ফুটি-যাওঁ কৰা। গাল দুখনি তুলতুলীয়া ৰঙা, যেন সেন্দুৰহে সানি থৈছে। হাত ভৰিবিলাক নোদোকা অথচ নিপোটল। চকুজুৰি উজ্জ্বল। চুলিকোছা বৈ পৰা। স্বভাৱত ছোৱালীজনী বৰ স্ফুৰ্ত্তিৰ, সদায় হাঁহিমুখী, আনকি নমতা মানুহৰো মাত উলিয়াব পৰা বিধৰ; খুহুতালি কথা কোৱাত পাৰ্গত। ঘৰৰ বনে বাৰিয়েও দলহ্-দপহ,। তাই মাকৰ হাত আগুৰা আছিলেই, তদুপৰি প্ৰায় ঘৰখনকে তায়ে কৰি মেলি খুৱাইছিল। মাছ মৰাত, ভূঁই ৰোৱাত, বিহুৰ গীত গোৱাত আৰু নাচোনত তাই আগৰণুৱা আছিল। মাঘৰ বিহু আহিলেই তাই নাম পদ গীত গাই নাচি-বাগি ফুৰিলেও বিহুৰ নিমিত্তে মাক, বাপেক, ভায়েক, ওচৰ চুবুৰীয়া ডেকা গাভৰু সকলোৱে