পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰঙ্গিলী

ভিতৰত কেৱে ভাত নাখায়। ভাটীবেলীয়া হলে উজনি অসমত ডেকা গাভৰুবিলাকে অলপ-চৰপ বিহু পাতে। নামনি অসমত হলে গাঁৱলীয়া ডেকাবিলাকে ঢেপ, হাউগুদু-নুগুদু, গছকপতি, মাটিকপতি ইত্যাদি খেল খেলে। বুঢ়াবিলাকৰ কেৱে কেৱে হয় লৰাহঁতৰ ধেমালিকে চায়গৈ, নহয় জানিলে চাৰিজন মানে লগলাগি দহ পচিশকে খেলে। জনাই পাশা দাও খেলে। এই যে মেজি পোৰা আৰু অগ্নি-সেৱা কৰা জাতীয় উৎসৱ ই দৰাচলতে বৈদিক কালৰ হিন্দুসকলে অগ্নিত নিত্য হৱন কৰা প্ৰথাৰে অৱশিষ্ট। এনেকৈ এখন প্ৰদেশ জুৰি এই দিনটোত মেজি পোৰা আৰু, অগ্নিত হৱন কৰা প্ৰথা আন প্ৰদেশত আছেনে নাই আমি কব নোৱাৰোঁ; কিন্তু আমাৰ অসমত এই প্ৰথা বাৰেওটিকাল চলি আহিছে। এই বিহুত সাত দিনলৈকে সকলোৱে নিজ নিজ ইষ্ট কুটুমক মাতি বুলি আনি জলপান খুৱায়। এই বিলাক কাৰণতে আমি মাঘৰ বিহুক “ভোগালি” বুলি কওঁ।

 মাঘ ফাগুণ এই দুমাহ গৈ চ’ত মাহ পৰিলেই আমাৰ গাঁৱলীয়া ডেকা-গাভৰুসকলৰ প্ৰায় তত নোহোৱাৰ দৰে হয়। শীত গৈ বসন্ত হয়। গছ-লতাই নতুন পাত মেলে। নানা বৰণৰ আৰু গোন্ধৰ ফুলবিলাক ফুলিবলৈ ধৰে। বিশেষকৈ কেতেকী ফুল ফুলি ঠায়ে ঠায়ে গোন্ধে আমোল্‌মোল্ কৰি তোলে। পৃথিবীয়ে যেনে নতুন বছৰত সোমাবলৈ নতুন সাজ-পাৰ পিন্ধিবলৈহে যো-জা লগায়। এই মনোমোহা দৃশ্যবিলাকত ডেকা-গাভৰু নিমগ্ন হৈ চ’ত-মাহৰ আৰম্ভৰেপৰা উজনি অসমত নিশা বিহু পাতি ফুৰে। আজিকালি ভাটী অসমত বিহুৰ নৃত্য-গীত নাই বুলিলেই হয়; কিন্তু নগাঁও আৰু সিপাৰে তেজপুৰকে আৰম্ভ কৰি (যদিও আগতকৈ পাতলিল আৰু কালত কিজানি পাতলি পাতলি নোহোৱা হবও পাৰে) এতিয়াও ঠায়ে ঠায়ে নিশা-বিহু আছে।