পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


জীয়েকে কিন্তু যেতেকে এমাহ দুমাহকৈ পোন্ধৰ বছৰ পাৰ হৈ ষোল বছৰত ভৰি দি এখোজ-দোখোজকৈ পূৰ্ণযৌৱনৰ ফালে আগবাঢ়িছিল, তেতেকে তাইক ফাগুণমহীয়া বতাহে, কুলিৰ মিঠা মাতে, ফুলি থকা ফুলৰ সৌৰভে, আৰু দৃশ্যে, মতলীয়া কৰি তুলিছিল। তাইৰ যেন কিবা এটা অভাব আছে, এইটো তাই বৰকৈ অনুভব কৰিছিল।

 ফুল ফুলিলে যেনেহলেও যৰে তৰেপৰা এটা আদখন ভোমোৰা ওলায়হি। এইটো প্ৰকৃতিৰ নিয়ম। যদিও বিচিত্ৰী ফুলৰ জন্মদাতা ভদ চাংমায়ে পৰাপক্ষত কোনো ভোমোৰাকে ফুলজুপীৰ ওচৰ চাপিবলৈ নিদিছিল, তথাপি লাঠুৱা ভোমোৰাই ছেগ বুজি সেই ফুলৰ ওচৰে-সামৰে ঘূৰি ফুৰিবলৈ ত্ৰুটী কৰা নাছিল। আজি প্ৰায় বছেৰেক মানৰে পৰা সেই গাৱৰে মনাই নামেৰে ডেকা এজনে ভদ চাংমাই ঘৰত নাথাকি ৰজাঘৰলৈ গধূলিতে ভাত ৰান্ধিবলৈ যোবা গম পালেই বিচিত্ৰীৰ ওচৰ চাপি তাইৰে সৈতে প্ৰেমালাপ কৰিবলৈ, তাইক তাৰ অকপট প্ৰেম জনাবলৈ কম কৰা নাছিল। তাইও মনাইক নিজৰ জাতৰ কুলৰ ভাল ডেকা বুলি জানি তাৰ প্ৰেমালাপত অসন্তুষ্ট নহৈছিল। মাক বাপেকহঁতে নজনাকৈয়ে উভয়ে উভয়ৰ প্ৰেমৰ ডোলত বান্ধ খাইছিল।

 এই মনাইও গধূলি হলে ৰজাঘৰলৈ গৈ সি কেইজনে সৈতে ৰজাৰ আগত অমোদ-প্ৰমোদ কৰি কাল কটাইছিল।