পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দশম অধ্যায়

⸺:০:⸺

শান্তিৰামৰ অশান্তি

 নৈৰ ঘাটত পদুমীক নিজৰ প্ৰণয়-সম্ভাষণ জনাই কথাষাৰৰ কোনো উত্তৰ তাইৰ মুখৰপৰা নাপাই শান্তিৰাম মহা গুণাগথা, ভয় আৰু চিন্তা হৈছিল। ভয় হৈছিল— জানোবা পদুমীয়ে সেই কথাষাৰ ঘৰত মাক-বাপেকক কৈ দুয়ো ঘৰৰ ভিতৰত মহা দন্দ, উৎপাত অনৰ্থ লগায়। লাজ অপমান নিৰাশা এটাইবিলাকেই তেওঁক বেঢ়ি ধৰিছিল। তেওঁ ভাবিলে পদুমীয়ে তেওঁক দেখিব নোৱাৰেনে কি? সেইবাবে খঙতে একো উত্তৰ নিদিলে। খঙ বুলিবলৈকো তাইৰ মুখৰ চেহেৰাইতো কোনো খঙ বুজোৱা নাছিল! পদুমীয়ে প্ৰণয় বা ভালপোৱা বোলা এটা বস্তু এতিয়াও বুজা হোৱা নাইনে কি? তালৈকো দেখোন তাই পূৰ্ণযৌৱনা! বয়স পোন্ধৰ উকলি ষোলত সোমাইছে। তাই আন কোনোবা ডেকাকহে ভাল পায়নে কি? ক’তা, সেই বিষয়েও দেখোন গাঁৱত কোনো ঘুনুক-ঘানাক্ কথা শুনা নেযায়। তাই বৰ অহঙ্কাৰী নে কি? ক’তা, কলহটো তুলি দিবলৈ ধৰোতে কোনো অহঙ্কাৰকে দেখুৱা নাছিল। তাই সি ফৈদৰ জীয়াৰী। সেই দেখিয়েই তেওঁক বেয়া পায় নে কি? ক’তা! সেই বিষয়েও দেখোন একো নকলে। ইত্যাদি ভাবি চিন্তি একো উৱাদিহ নেপালে। ওৰে ভাটীবেলাটো ঘৰত ঢাৰি-পাটীত পৰি পৰি ভাবিলে ভাবি ভাবি একো ওৰ নাপালে। এবাৰ ভাবিলে— “এঃ তাইনো মোৰ কোন? বা