পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ৰাগি ধৰে। তুমি যেতিয়াই আমাৰ আৰু স্বৰ্গদেৱৰ লগ বুলি দেউতাৰে জানে তেতিয়ানো তোমাৰ দেউতাৰে তুমি মদ খোৱানে নোখোৱা এই কথা নজনাকৈ আছেনে?”

 শান্তিৰাম— “সখি! তোমাক আৰু কথাৰে বলে নোৱাৰোঁ। বাৰু, যদি মৰম কৰি আৰু এবাটি খুৱাব খুজিছা তেন্তে আনা।”

 শান্তিৰামৰ এই কথাত সৎৰামে ভিতৰলৈ গৈ আকৌ দুবাটি মদ আনিলে। এবাটি শান্তিৰামক খুৱালে; ইবাটি নিজে খালে। খাবৰ পৰত “হে মোৰ অমৃত! শান্তিৰাম সখিয়ে যেন পদুমীক লভে। আমাৰ শান্তিৰাম সখিৰ হবখোজা ঘৈণীৰ অৰ্থে এই বাটি” বুলি সৎৰামে মদ পিলে। শান্তিৰামেও সৎৰামক সেইলেখীয়া আশীৰ্বাদ দি অমৃত পান কৰি উঠি নিজা ঘৰ পালেহি।

একাদশ অধ্যায়

⸺*⸺

ৰজাৰ ভিতৰুৱা ৰংচ’ৰাত বিহ-বিৰিখৰ গুটি

 গধূলি গৈ নিশা আৰম্ভ হৈছে। স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ, সৎৰাম, জয়ৰাম, মনাই এই এটাই কেউজনাই ভিতৰুৱা ৰংচ’ৰাত বহি ধেমালি আৰম্ভ কৰিছে। সৎৰামে এবোৰ চোলা-চুৰিয়া পিন্ধি, পাগুৰি এটা মুৰত মাৰি, হাতত লাখুটি এডাল লৈ ৰজাৰ আগত খোজকাঢ়ি ফুৰিছে। জয়ৰামে তেওঁৰ মূৰৰ ওপৰত এটি জাপি