পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ইফালে সৈন্য-সামন্ত গোটোৱা পৰিশ্ৰমত আৰু নানা চিন্তাত মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ গা অসুখ হল। আগেৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়তে দেশৰ অনেক বলী বলী ৰণুৱা নষ্ট হৈছল। তাতে আকৌ ভূতৰ পুতেকৰ খবৰতে কিছু মানুহ নষ্ট হল। এইবিলাক কাৰণতে আৰু আগৰেপৰা মান আহি দেশ আক্ৰমণ কৰি এনেকুৱা কোনো কথা নজনাৰ বাবে বুঢ়াগোহঁয়ে মানে সৈতে ভালকৈ যুজিবলৈ সৈন্য গোটাব নোৱাৰিলে। মনৰ দুখত তেওঁৰ শৰীৰ আৰু অসুস্থ হল।


দ্বাচত্বাৰিংশ অধ্যায়

বুঢ়াগোহাঁইৰ পৰিণাম

 ৰুচিনাথ গোহাইদেৱে ৰণ এৰিয়েই নিশা নিশাটো ঘোৰা চলাই দি নগৰ পাই বুঢ়াগোহাঁই, ৰজা, ৰাজমাও সকলোটিকে যুজৰ বাতৰি দিলে। ৰাজমাওৰ সতে ৰজা, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই এটাইবিলাক গোট খালে আৰু কি কৰা উচিত আলচিলে। ৰাজমাৱে কলে যে এটাইবিলাকেই মান আহি নগৰ পোৱাৰ আগেয়ে নাৱত উঠি পলোৱা উচিত। ৰজাই কিন্তু বৰফুকনৰপৰা ভিতৰ, খবৰ পাইছিল যে বৰফুকন আৰু মানে ৰজাৰ নোম এডালকে নলৰায় কেৱল পুৰ্ণানন্দ বুঢ়াগোহাঁইকহে এসেকা দিব। এই