পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“কিন্তু মই এইটোও দেখিছো যে মানৰ হাতত মোৰ সোণৰ অসম দেশ জুৰুল-জুপুৰা হোৱাৰ পিছত এই দেশ সাগৰৰ সিপাৰৰ প্ৰবল পৰাক্ৰমী বৃটিশ জাতিৰ তললৈ আহিব। বৃটিশৰ সুশাসনত অসম আকৌ গা কৰিব। কিন্তু ৰাজমাও দেউতা! দেশদ্ৰোহী বদন বৰফুকনলৈ সাৱধান হব। হে মাতৃ! মোক তোমাৰ চৰণত স্থান দিয়া?" এই বুলি কৈয়েই অসমৰ শেষ মন্ত্ৰী, মহামতি, স্বদেবশৎসল, পূৰ্ণানন্দ বুঢ়াগোহঁয়ে চকু মুদিলে। অসম-গৌৰৱ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া বৈকুণ্ঠি

ত্ৰিচত্বাবিংশ অধ্যায়
⸻০:০:০⸻
মানে সৈতে সন্ধি

ৰজাৰপৰা সেইদৰে বাতৰি পাই বদন বৰফুকনে মানে সৈতে ৰংপুৰ সোমালহি। ৰংপুৰ সোমায়েই বদনে বুঢ়াগোহাঁইৰ হাউলি আক্ৰমন কৰি কেৱল কেতখিনি লিগিৰী-লিকচৌ পালে। মানহঁত সেই লিগিৰী-লিক্‌চৌৰ ওপৰতে অলপ-অচৰপ অত্যাচাৰ কৰিবলৈ নেৰিলে। মিঙ্গিমাহা সেনাপতিয়ে পদুমী গাভৰুক এটাইতকৈ ধুনীয়া দেখি “এইজনী মোৰ হল” বুলি ধৰোৱালে। পদুমী শোকে-দুখে মুৰ্চ্ছিত হল। মিঙ্গিমাহাই পদুমীৰ ভালকৈ শুশ্ৰূষা কৰোৱাই মূৰ্ছা ভঙ্গ কৰালে? বুঢ়াগোহাঁইক সমৰ্পণ কৰক বুলি বৰফুকনে ৰজালৈ খবৰ পঠিয়ালে? কাৰেঙৰ ভিতৰৰপৰ খবৰ আহিল যে বুঢ়াগোহাই ইহলোকত নাই।