পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ৰঙ্গিলী

বদন বৰফুকন তেওঁৰ বিয়ৈৱেক হৈও কিয় তেওঁৰ বিপক্ষ হৈছিল এই বিষয়ে পিছত কোৱা হব। আমি এইটোও নকৈ নোৱাৰো যে বৰফুকনৰ ফলীয়া আৰু নিৰপেক্ষসকলৰ ভিতৰতে কেৱে কেৱে কৈছিল যে বুঢ়াগোহাঁইৰ দোষতহে অসমলৈ মান আহিবলৈ পালে।

 বদন বৰফুকন আহোমৰ ভাটী ৰাজ্য খণ্ডক এজন বৰফুকনে ৰজাৰ প্ৰতিনিধি হৈ চলাইছিল। এই বৰফুকনজন বাজনীতিজ্ঞ, বাহুবলী, যোদ্ধা আৰু বীৰ তেজৰ মানুহ হোৱাৰ আৱশ্যক আছিল। কিয়নো ভাটীৰ ফালৰপৰাই আহোম ৰাজ্য আক্ৰমিত হবৰ সদা-সৰ্ব্বদা সম্ভৱ আছিল। কোচ ৰজাই আৰু মোগলে এইফালৰপৰাই অসম কেইবাবাৰো আক্ৰমণ কৰিছিল; এই কথা সকলোৰে জনাজাত। লাচিতৰ নিচিনা বৰফুকন দৰাচলতে আহোমৰ বীৰত্বৰ আৰু বুদ্ধিৰ গৌৰবৰ আদৰ্শ আছিল। কিন্তু শেহৰ বৰফুকন বদনচন্দ্ৰই অসমলৈ মান আনি আহোম ৰাজ্য যে ধ্বংস কৰিলেই অসমীয়া ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা কৰিছিল।

 বুৰঞ্জীত আছে যে বদন বৰফুকনে কামৰূপীয়া প্ৰজাবিলাকক বৰ উৎপীড়ন কৰিছিল। কিন্তু কিয় উৎপীড়ন কৰিছিল এই বিষয়ে বুৰঞ্জীত একো নাই। কিন্তু আমি কামৰূপৰ জনশ্ৰুতিৰ মতে, আৰু দুই এখন অলিখিত বুৰঞ্জীৰপৰাও জানিছো যে এই উৎপীড়নৰ মূলত বদন বৰফুকনৰ, স্বাৰ্থপৰতা আৰু লোভ। বদন বৰফুকনে কামৰূপীয়া প্ৰজাসকলক বিজিত বুলি ভাবি সদায় ঘৃণাৰ চকুৰে চাইছিল। আৰু তাৰ লগে লগে কামৰূপীয়াৰ ধন-সোণ লুটি খাইও হেপাহ নপলাই কামৰূপীয়াক সদায় উঠোতে ‘ঢেকেৰি’, বহোঁতে ‘ঢেকেৰি’, এনেকুৱা বাক্যৰেহে সম্বোধন কৰিছিল। বিষয় বাসনাবিলাকতো পাৰেমানে তেওঁৰ লগত নিয়া অহমীয়াসকলকহে নিযুক্ত কৰিছিল। এই বিষয়াসকলেও কামৰূপীয়াক লুটি-পুটি যে খাইছিল তাৰ উপৰিও ‘ঢেকেৰি’ ‘ডেকেৰি’ বুলি বাক্যবাণেৰে পীড়া কৰিব নেৰিছিল।