পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কি গাঁৱৰ, কি নগৰত, সকলো মাইকী মানুহেই এই গোটেই চ’ত মাহটোত দিনত ধমাধম্ কাপোৰ বয়। বহাগৰ পহিলা তাৰিখৰপৰা বিহুৰ উৎসৱ আৰম্ভ হৈ সাত বহাগৰ গধূলিত শেহ পৰেগৈ।

 বহাগৰ পহিলা দিনৰ আগদিনা অৰ্থাৎ সংক্ৰান্তিদিনা ৰাতিপুৱা শুই উঠিয়েই সকলোবিলাক মানুহে মূৰত মাহ-বটা লয়, গাত হালধি ঘঁহে। ঘৰৰ সমস্ত গৰুকে সেইদৰে মূৰত মাহ-হালধি দিয়ে আৰু জাক পাতি হাতত দীগ্‌লতি, মাখিলতী, কুটা লাও-বেঙেনা লৈ গৰখীয়াহঁতে গৰু বিলাকক নি নৈ, বিল বা পুখুৰীত গা ধুৱাই আনে। গা ধুৱাই ওলোটাই আনিবৰ সময়ত গৰুবিলাকক সেই দীগ্‌লতি আৰু মাখিলতিৰে কোবায় আৰু লাও-বেঙেনাবিলাক গালৈ দলিয়াই দি দি গায় -“দীগ্‌লতি দীঘল পাত, মাখি মাৰো জাঁত জাঁত। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু। লাও, খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।” ইয়াৰ পিছত গৰুবিলাকক চৰিবলৈ এৰি দিয়ে। সকলো মানুহেই গা-পা ধুই উঠি তলতীয়াজনে শ্ৰেষ্ঠজনক সেৱা কৰে। বয়সীয়ালসকলে পূজা সেৱা নাম প্ৰসঙ্গ কৰে। তাৰ পিছত মাতৃ, ভনী, স্ত্ৰী, কন্যা ইত্যাদি সকলে জনে জনে, যাৰ যথা সাধ্য গামোছা চেলেং, বা বৰকাপোৰ গিৰিহঁতক, লৰা-ছোৱালীক, আনকি ইষ্ট কুটুমকো দিয়ে। তাৰ পিছত সকলোৱে জা-জলপান খাই অলপ জিৰোৱা হলেই ওপৰ অসমত ডেকা গাভৰুৱে পথাৰত বিহু গায়গৈ। নামনি অসমত ঢোপ, হাউগুদু-নুগুদু ইত্যাদি খেলে। ঘৰত থকাসকলে কড়ি খেলে। ভাটীবেলীয়া দৈৱজ্ঞ ব্ৰাহ্মণসকলে ঘৰে ঘৰে নতুন পঞ্জিকা শুনায়। ব্ৰাহ্মণসকলে নাহৰ গছৰ পাতত এই মন্ত্ৰটো লিখি ঘৰে ঘৰে দিয়ে—

“দেৱ দেৱ মহাদেৱ! নীলগ্ৰীৱ, জাটাধৰ।
বাত বৃষ্টি হৰো দেৱ মহাদেৱ নমস্তুতে।”