উত্তৰ পাৰে পাৰে নাৰায়ণপুৰৰ বাটেদি খুজি-মাগি খাই বৰপেটা পালেগৈ। তাত মহাপুৰুষ গুৰুৰ ধৰ্ম্মত শৰণ লৈ বৃন্দাবনলৈ বুলি ধীৰে ধীৰে খোজ লওঁতে বৰনগৰ পাই সেই কালৰ সেই অঞ্চলৰ বুজৰবৰুৱা চণ্ডীবৰ বৰুৱাক দেখা কৰিলে। চণ্ডী বৰুৱাই শান্তিৰামৰ বুদ্ধি ব্যৱহাৰ আৰু গীত গাব পৰা শক্তি মোহিত হৈ তেওঁক বৃন্দাবনলৈ কিছু কালৰ নিমিত্তে যাবলৈ নিদি নিজৰ লগতে বৰ আদৰ-যত্ন কৰি ৰাখিলে। শান্তিৰামেও প্ৰায় পাচ বছৰ কাল চণ্ডীবৰুৱাৰ আশ্ৰয়ত সুখেৰে কটালে। এনেতে মান শেহ বাৰ আহি বৰনগৰ আৰু চণ্ডীবৰুৱাক কি কৰিলে, শান্তিৰামৰ কি পৰিণাম হল এই সমস্ত পাঠক-পাঠিকাসকলে আমাৰ মনোমতী উপন্যাসত পাব।
কিন্তু ইফালে ৰঙ্গিলীৰ কি হল? পাঠক! শান্তিৰাম ভাল হৈ গুচি যোৱাৰ প্ৰায় এসপ্তাহ মানৰ মূৰত যেতিয়া প্ৰায় সকলোবিলাক আহত হোৱা অসমীয়া মানুহে আৰোগ্য লভিলে⸺তেতিয়া ৰঙ্গিলীৰ পতিপ্ৰাণা মাতৃও সেই গাৱঁতে বৈকুণ্ঠী হোৱাৰ পিছত ৰঙ্গিলী গাভৰু যে কলৈ গল⸺কি কৰিলে কেৱে কব নোৱাৰিলে।