পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ৰঙ্গিলী

কলে — “ও ভাইহঁত! বোলে এই বাটি আমাৰ শান্তিৰামৰ, পদুমীৰ, আৰু আমাৰ সতাই সখিৰ হব খোজা ঘৈণীৰ অৰ্থে।” — ৰজাৰ এই কথাত চাৰিউজন ডেকায়ে “জয় পদুমী! জয় সৎৰাম সখিৰ হ'ব খোজা ঘৈণী!” এই বুলি ফটিকা পিলে। ইয়াৰ পিছত ৰজাই আৰু ডেকা কেউজনে লিগিৰীসকলৰৰ নামে ‘জয়! আমাৰ লিগিৰী সকল” বুলি জয়ধ্বনি কৰিলে। ইয়াৰ পিছত ৰজাই ফটিকাৰ ৰাগি লাগি কলে, — “লিগিৰীহঁত! তহঁতৰ এজনীয়ে গগণা বজা — এজনীয়ে নাচ।” ৰজাৰ এই আদেশত এজনী লিগিৰীয়ে গগণা বজালে, দুজনীয়ে চাপৰি বজালে, এজনীয়ে নাচিলে। এইদৰে প্ৰত্যেক জনীৰে এবাৰ এবাৰ নচা হলত ৰজাই লিগিৰীহঁতক ভিতৰলৈ যাবলৈ কলে। সিহঁত ভিতৰলৈ গ’ল। ৰজাই পাশা অনোৱালে। ৰজা আৰু সৎৰাম এফালে হৈ ই কেইজনক আন তিনিফালে দি বুঢ়াগোহাঁই আৰু তেওঁৰ জীয়েকত আৰি থৈ পাশা খেলিলে। নিশা দহোটামান বজাত ৰজাৰ ভোজনৰ সময় হলত চাৰিজন ডেকা ৰজাৰে সৈতে ভোজন-খোটালীলৈ গল। ৰজালৈ সোণৰ মাইহাঙত, ভোজন আহিল, ডেকা কেইজনলৈ কাঁহৰ কাহী-বাটিত ভাগে ভাগে আহিল। হাঁহ, পাৰ, মাছ, মঙ্গহ, ৰঙা চৰাই, কেকোৰা ইত্যাদিৰ অন্ন ব্যঞ্জন আহিল। চাৰিউজনে হাঁহি খিকিন্দালি কৰি আৰু ভোজনৰ লগে লগেও এক আদ বাটি ফটিকা খাই চাংমাইক আৰু ভোজন আনি দিয়া সুন্দৰী লিগিৰীহঁতক শলাগি শলাগি খাই বই উঠি ৰজা নিজ খোটালীত শুলেগৈ, ই চাৰিজন ডেকাইও ৰজাঘৰৰ আন এখোটালীত পাৰি পোৱা ঢলা-বিছনাত পৰিলগৈ। ৰাতিপুৱা ডেকা চাৰিজন ঘৰা-ঘৰি গল। স্বৰ্গদেৱ ঈশ্বৰে প্ৰায় এপৰমান বেলি হোৱাতহে শয্যা ত্যাগ কৰি উঠিল।