পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চতুচত্বাবিংশ অধ্যায় ৰঙ্গিলী নামৰূপত মানৰ ৰণত আহত হোৱা অসমীয়া সৈন্যক শুশ্ৰূষা কৰিবলৈ, ৰণৰ গতিবিধি চাবলৈ, ৰঙ্গিলীকে প্ৰমুখ্য কৰি প্ৰায় দুকুৰি আঢ়ৈ কুৰিজনী গাভৰু আৰু চাওডাং মানুহ গৈছিল। ৰণ হৈ যোৱাৰ পিছত মানহঁত আগবাঢ়ি ৰংপুৰৰ ফাললৈ যোৱাত গাৱত লুকাই থকা এইবিলাক ডেকা-গাভৰুৱে নিশা পূৰ্ণিমাৰ জোনৰ পোহৰত আহত হোৱা অসমীয়া ৰনুৱাবিলাকক চাই ফুৰিছিল। ৰঙ্গিলীয়ে চাই ফুৰোতে ফুৰোত সৎৰামৰ শৱটো দেখিলে। চিনি পালে। সেই মুহুৰ্ত্তেই এইজনী, প্ৰেমৰ পুতলীয়ে পাৰেমানে কান্দিলে। বাপেকৰো মৃত শৱটো দেখিলে। এইবিলাক দেখি তেওঁৰ মনটো সংসাৰলৈ একেবাৰে উদাশ হল। যদিও শোকত বিহ্বলা তথাপিও অলপ আঁতৰত শৰ মাজৰপৰা ৰঙ্গিলীয়ে এজন সৈন্যৰ “কোন কত আছ। এটুপি পানী দিয়া, এটুপি পানী দিয়া” এনেকুৱা এটা কৰুণ কাতৰ মাত শুনি সেই ফাললৈ গল। ওচৰ পাই দেখে যে সেইজনা তেওঁৰ চিনাকি একে গাৱঁৰে, তাইব লগৰীয়া শান্তিৰাম। ৰঙ্গিলীয়ে লোটাৰপৰা শান্তিৰামৰ মুখত পানী এটুপি দিলে। শান্তিৰামে সেই পানী ঢোক গিলি অলপ সৰ্থি কলে :--“উঃ ৰাম?” ইয়াৰ পিছতে ৰঙ্গিলীৰ আৰু এফেৰা শুশ্ৰূষা আৰু যত্নত শান্তিৰাম উঠি বহিল।