জয়ৰাম— যোৱা কেতেকি! তুমি আমাক লিগিৰীহঁতে সৈতে ধেমালি কৰাটোহে ভাবি থাকা। তুমি আৰু ঠেট্টা কৰিবলৈকো নেৰা।
কেতেকী— মই ঠেট্টা কৰিলে বেয়া পোৱানে কি? মই আকৌ সঁচা কথাকেহে কৈছে।
জয়ৰাম— সই হলে কেতেকি! লিগিৰীসকলে সৈতে কোনো ভাব কৰা নাই। মই, লিগিৰীহঁতক ভাল নাপাওঁ। মই দেখোন তোমাকেহে ভাল পাওঁ। তোমাকেহে সমাজিকতে দেখো মই তোমাকেহে বিয়া কৰাব খুজিছো কেতেকি!
কেতেকী— সঁচাকৈয়ে কৈছানে?
জয়ৰাম— মই মিছা কোৱা নাই। পিছত তুমি জানো মোত বিয়া সোমাবা?
কেতেকী— “মই কব নোৱাৰো। মই যাওঁগৈ” এই বুলি কেতেকী যাবলৈ ওলাওঁতেই জয়ৰামে মাত লগালে—“নেযাবা নোযাবা কেতকি। কথা এটা শুনি যোৱা মোৰ ভোটাতৰাটী।”
কেতেকী— “কেলেইনে ঠেট্টা কৰা দেওহে।”
জয়ৰাম— “মই ঠেট্টা কৰা নাই। পিছত আজি লৰালৰিকৈ ঘৰৰ পৰা আহিলোঁ। তামোল-চালি এখনো খবলৈ নাপালো। এখন তামোলকে দিয়া কেতকি।” কেতেকিয়ে বিহাৰ আচলৰপৰা খুবিওৱা তামোল এখন দিলে। জয়ৰামে কলে— “তেন্তে গাওঁগৈ দেই কেতেকি। পিছত যাবৰ পৰত তামোলৰ লগতে যে আৰু এটা বস্তু লাগে।”
কেতেকী— কি বস্তু।
জয়ৰাম— এটা চুমা।
কেতেকী— “মই এতিয়াই তোক চুমা দিব নোৱাৰে। যি দিনা তুমি মোক দস্তুৰমতে চকলং পাতি বিয়া কৰাই নিবা সেই দিনাহে