পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বিয়া দিয়া প্ৰথাটো লোৱা নাই। ওলাওঁতে শুৱনী সোমাওঁতে শুৱনী বৰ-ঘৰ গুৱনী, চোতালঘৰ শুৱনী, ধাননি শুৱনী, নৈৰ ঘাট শুৱনী, গাঁওখনৰ শুৱনী, জীয়াৰীক শ্ৰীঘ্ৰে আন এঘৰলৈ উলিয়াই দিয়া কথা যে কেনেকুৱা টান তাক বোধ কৰোঁ জীয়াৰী ছোৱালী থকা অসমীয়া মাত্ৰেই জানে। কণ্বৰ নিচিনা তপস্বী মুনিয়েও তোলনীয়া জীয়াৰী শকুন্তলাক উলিয়াই দিওঁতে অশ্ৰুপূৰ্ণ চকুৰে কৈছিল—

“যাসত্যদ্য শকুন্তলেভি হৃদয়ং সংস্পৃষ্টমুৎকণ্ঠয়া।
কণ্ঠঃ স্তম্ভিত বাষ্পবৃত্তি কলুষশ্চিন্তাজবং দৰ্শনং।
বৈক্লব্যং মম ভাবদীদৃশমহো স্নেহাচাৰন্যৌকসঃ।
পীড্যন্তে গৃহিনঃ কথং নু তনয় বিশ্লেষদুঃখৈৰ্ন ভৈঃ।”

 “আজি শকুন্তলা যাব মোৰ হৃদয় উৎকণ্ঠিত। চকুৰ পানী বল কৰি পৰিব নিদিয়াৰ বাবে মোৰ গলত শোকে খুন্দা মাৰি ধৰিছে আৰু মোৰ জ্ঞান সম্পূৰ্ণ হেৰাইছে। মই অৰণ্যবাসী ঋষিৰো এই শোক। গৃহস্থবিলাকেনো প্ৰথমে জীয়াৰী উলিয়াই দি কেনেকৈ সহ্য কৰিব।” বাস্তবিকে যাৰে জীয়াৰী আছে সেয়ে জানে জীয়াৰী উলিয়াই দিয়া কিমান টান কথা।