পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মদ দিলে। চাৰিউজনে মদ খাই লিগিৰীহঁতে সৈতে অলপ চুপতা-চুপতি কৰি আকৌ হাঁহিবলৈ ধৰিলে। এনেতে ভিতৰৰপৰা ৰাজমাৱে লিগিৰীহঁতৰ খোটালীলৈ আহি মাত লগালে—“গোহাঁইদেউ! আজিনো ইমান হাঁহি কেলেই! তুমিনো সদায় লৰা হৈয়ে থাকিবানে?”

 ৰজা—“আইদেউতা। আমি এফেৰা ধেমালি-ধুমুলা কৰাত বেয়া নাপাব। ধেমালি নকৰিলেনো খাবৰ পৰলৈকে এই সময় ফেৰা কেনেকৈ কটাওঁ। আইদেউতাই আমাৰ ফালে মন নকৰি নিজ সকামলৈ গলেই ভাল।” ৰজাৰ এই কথাত ৰাজমাও অলপ বিৰক্ত হৈ গুচি গ'ল।

 এইদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ ভাৱ-ভঙ্গি দেখুৱাই থাকোতেই আমাৰ শান্তিৰামো আহি লগ লাগিল। ৰজাই শান্তিৰামক সুধিলে—“কিহে শান্তিৰাম! তুমি, দেখোন আজিকালি আমাৰ ওচৰলৈ আহিবলৈ এৰিলা। কেতিয়াবা আহিলেও দেখেন বেলি কৰা। (সৎৰামলৈ চাই) সতাই! তুমি কব পৰানে আজি কালি আমাৰ শান্তিৰাম আতৈয়ে কোনজনী গাভৰুত বৰশীৰ টোপ পেলাইছে।”

 সৎৰাম—স্বৰ্গদেৱ। মই শুনিছো আমাৰ শান্তিৰামে হেনো তোলন কাকতীৰ জীয়েকত বৰশীৰ টোপ পেলাইছে। এতিয়া কাকতীৰ জীয়েকে সেই টোপ গিলিছেনে নাই কব হলে নোৱাৰোঁ।

 ৰজা- হয়নে শান্তিৰাম? সঁচানে?

 শান্তিৰাম-“স্বৰ্গদেৱ ঈশ্বৰ। আমাৰ সতাই সখিৰ ঠাট্টা, ধেমালি কাহানিনো গুচিব।”

 সৎৰাম—“এৰা সখি শান্তিৰাম! তুমি মোৰ আৰু স্বৰ্গদেৱৰ কথাত নালাগিবা। তুমি মোৰ বুধি মতে স্বৰ্গদেৱ ঈশ্বৰৰ হুকুম শিৰত লই পদুমী গাভৰুৰ ৰূপত জাপ দিয়াগৈ।”